Breaking

ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…

0 50

দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ধেমাজিৰ অন্যতম বিহু সন্মিলন ২৬ সংখ্যক লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি কালি পুৱতি নিশা সামৰণি পৰে ৷ উদযাপন সমিতিৰ উপসভাপতি ৰজনী গগৈৰ পৰিচালনাত পুৱা সামূহিক চাফাইৰে প্ৰথম দিনৰ কাৰ্যসূচী পাতনি মেলা হয় । পুৱা ৯ বজাত এক উচৱমুখৰ পৰিবেশৰ মাজত বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তোষেশ্বৰ বৰগোহাঁয়ে ৷ ইপিনে সমান্তৰালভাৱে স্হায়ী সমিতিৰ পতাকা উত্তোলন কৰে স্হায়ী সমিতিৰ সভাপতি কুঞ্জজ্যোতি বাইলুঙে ৷ উদযাপন সমিতিৰ যুটীয়া সম্পাদক দেবজিত বৰগোহাঁই আৰু পুলেন্দ্ৰ বুঢ়াগোহাঁয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতে বৃক্ষপুলি ৰোপণ কৰে কাৰ্যকৰী সভাপতি ৰাতুল দিহিঙীয়াই ৷ পৰম্পৰাগত কণী যুঁজ উদ্বোধন কৰে উপসভাপতি কামেশ্বৰ গগৈয়ে ৷

ছাত্ৰ _ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেলধেমালি প্ৰতিযোগিতাৰ পিছতে বিহুতলী উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেন গগৈয়ে ৷ ইফালে আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা সৰু বিহুৱতী প্ৰতিযোগিতাত লাভলী সোনোৱাল আৰু মাৰচিলীনা দুৱৰাই যুটীয়াভাৱে প্ৰথমস্হান , প্ৰিয়াংশ্ৰী দত্ত , টুহিনা গগৈয়ে দ্বিতীয় স্হান , দৰথি ফুকন , পূবালী চুতীয়াই তৃতীয় স্হান লাভ কৰে ৷ নিশালৈ অনুষ্ঠিত হোৱা জেংবিহু প্ৰতিযোগিতাত তিনিচুকীয়াৰ বৰ্হমথুৰি আৰু ঘিলামৰা আঞ্চলিক জেংবিহু দলে যুটীয়াভাৱে প্ৰথমস্হান , বৰদলনি মেজাংকৰি আৰু ধেমাজি জোনাকী জেংবিহু দলে দ্বিতীয়স্হান অধিকাৰ কৰে ৷ ইফালে প্ৰাক্তন সম্পাদক ডিম্বেশ্বৰ গগৈয়ে পৰিচালনা কৰা সামূহিক চাফাইৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ দুপৰীয়া ১ বজাত মহিলাৰ মাজত পুৰণি খেলধেমালি প্ৰতিযোগিতা সম্পন্ন হয় ৷ আবেলি ৪ বজাত কেইবাটাও জনগোষ্ঠীয়ে জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰে ৷

সন্ধিয়া ৭ বজাত উদযাপন সমিতিৰ সভাপতি তোষেশ্বৰ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত স্হায়ী সমিতিৰ সভাপতি কুঞ্জজ্যোতি বাইলুঙে আদৰণি ভাষণত লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ২৬ বছৰীয়া ইতিহাসৰ বিষয়ে আলোকপাত কৰে ৷ সভাত লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি _ সম্পাদকসকলৰ লগতে ২৬ সংখ্যক বিহু সন্মিলনৰ দাতাসকলক উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ ইপিনে নিশা ৯ বজাত আৰম্ভ হোৱা প্ৰবীন গগৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াখনি উদ্বোধন কৰে সদৌ তাই আহোম ছাত্ৰ সন্হাৰ উপসভাপতি মনোজ গগৈয়ে ৷ উল্লেখযোগ্য যে সাংস্কৃতিক সন্ধিয়াত ৰিমঝিম সাংস্কৃতিক গোষ্ঠী , ভেহপৰা গাঁও টাই বিহু দল , লাচিত নগৰ জেংবিহু দলৰ অনুষ্ঠানৰ পিছতে জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই আগবঢ়োৱা গীতৰ শৰাইৰে প্ৰতিকুল বতৰকো নেওচি পুৱতি নিশালৈকে উপস্হিত থকা হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷

Leave A Reply