Deepika Padukone: ‘তোমাক লৈ গৰ্বিত’: দীপিকা পাডুকন ভাৰতৰ প্ৰথম মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হোৱাৰ লগে লগে ৰণবীৰ সিঙৰ অভিনন্দন

দীপিকা পাডুকন ভাৰতৰ প্ৰথম (Deepika Padukone)মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হিচাবে নিৰ্বাচিত হৈছে। ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনটোত বলীউডৰ ছুপাৰষ্টাৰ দীপিকা পাডুকনে ঘোষণা কৰে যে তেওঁক কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ প্ৰথমগৰাকী মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। জে পি নাড্ডা আৰু পুণ্য সলিলা শ্ৰীবাস্তৱৰ সৈতে তেওঁ এখন ছবিও শ্বেয়াৰ কৰে। তেওঁৰ স্বামী ৰণবীৰ সিঙে কমেণ্ট শাখাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আবেগিকভাবে লিখিছে , ‘তোমাক লৈ গৰ্বিত ’।

কেপচনত তেওঁ লিখিছে, ‘বিশ্ব মানসিক স্বাস্থ্য দিৱসত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰথমবাৰৰ বাবে মানসিক স্বাস্থ্য দূত হিচাপে নিযুক্তি পোৱাত মই সন্মানিত হৈছো।’ আৰু লগতে কয়, ‘আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশে মানসিক স্বাস্থ্যক জনস্বাস্থ্যৰ কেন্দ্ৰবিন্দুত স্থান দিবলৈ অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।মোৰ নিজৰ যাত্ৰা আৰু অতীতত আমি কৰা কামৰ জৰিয়তে দশকত, মই দেখিছো যে আমি যেতিয়া একত্ৰিত হৈ মানসিকভাৱে সুস্থ ভাৰত গঢ়িম তেতিয়া কিমান সম্ভৱ হ’ব মই ভাৰতৰ মানসিক স্বাস্থ্যৰ কাঠামোক আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্ৰী জে পি নাড্ডাৰ নিৰ্দেশনাত কাম কৰিবলৈ আগ্ৰহী।’

প্ৰায় এদশক আগতে তাই প্ৰথমবাৰৰ বাবে ডিপ্ৰেছনৰ সৈতে কৰা নিজৰ যুদ্ধৰ কথা কৈছিল, তেতিয়াৰ উদ্যোগটোত প্ৰায়ে নিষিদ্ধ বুলি গণ্য কৰা এটা বিষয়ক কেন্দ্ৰ কৰি তেওঁ মৌনতা ভাঙিছিল। দীপিকাই নিজেই এদশক পূৰ্বে হতাশাৰ সৈতে যুঁজিছিল আৰু বছৰ বছৰ ধৰি মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজিছিল, বিশেষকৈ বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত।

কৰ্মক্ষেত্ৰত দীপিকা পাডুকনক শেষবাৰৰ বাবে দেখা গৈছিল ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত “সিংহাম এগেইন” ছবিখনত, য’ত অজয় ​​দেৱগন, ৰণবীৰ সিং, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, কৰীনা কাপুৰ, আৰু অৰ্জুন কাপুৰেও অভিনয় কৰিছিল। ছবি খনে আৰ্জন কৰিছিল বিশ্বজুৰি ৩৭২ কোটি টকা। শেহতীয়াকৈ মাতৃত্ব আঁকোৱালি লোৱা অভিনেত্ৰীগৰাকীক পৰৱৰ্তী সময়ত শ্বাহৰুখ খানৰ কিং আৰু আটলীৰ পৰিচালনাত নিমাৰ্ণ হৈ থকা আল্লু অৰ্জুনৰ আগন্তুক ছবিত দেখা যাব।

Related Articles