ৰণবীৰ সিঙৰ সৈতে ৬ বছৰৰ বিবাহৰ অন্তত মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক ভাল খবৰ দিছে অভিনেত্ৰীগৰাকীয়ে। বলীউডৰ অন্যতম প্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অৱশেষত নিজৰ অনুৰাগীক এটা ভাল খবৰ দিলে। হয় দীপিকা পাডুকন আৰু ৰণবীৰ সিং অতি সোনকালে পিতৃ-মাতৃ হ’বলৈ গৈ আছে। দীপিকা পাডুকনে ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে, লগতে অভিনেত্ৰীগৰাকীয়ে প্ৰসৱৰ আশা কৰা মাহটোৰ কথাও উল্লেখ কৰিছে। দীপিকাই ভাল খবৰটো দিয়াৰ লগে লগে ছ’চিয়েল মিডিয়াত তেওঁক সকলোৱে অভিনন্দন জনাইছে।
শেহতীয়াকৈ বাফটা বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈছিল দীপিকা পাডুকনে। য’ত তাই শাড়ীৰে পেটটো ঢাকি থৈছিল। বাফটাৰ ছবিসমূহ প্ৰকাশ পোৱাৰ পিছতে দীপিকা পাডুকনৰ গৰ্ভধাৰণৰ বিষয়ে ছচিয়েল মিডিয়াত অবিৰতভাৱে চৰ্চা চলি আছিল। যদিও অভিনেত্ৰীগৰাকীয়ে এই ভাল খবৰটো নিশ্চিত কৰা নাছিল। কিন্তু এতিয়া দীপিকা পাডুকনে নিজৰ কেঁচুৱা অহাৰ খবৰ ঘোষণা কৰিছে, অনুৰাগীৰ সুখৰ কোনো সীমা নাই।

