Breaking

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য – ‘২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশলৈ পৰিণত হ’ব’

0 65

ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমি সপোন দেখিছো যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হ’ব। প্ৰযুক্তিৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰ হ’ব। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন’লজিৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সিঙে মন্তব্য কৰে দেশ এতিয়া স্বাৱলম্বী হৈ উঠিছে আৰু অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্ব অৰ্থনীতিৰ তৃতীয় স্থানত আহিব।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে পৃথিৱীখন দ্ৰুতগতিত পৰিবৰ্তন হৈছে। প্ৰতিৰক্ষা খণ্ডতো পৰিৱৰ্তন আহিছে। এই ক্ষেত্ৰত আমি বহুতো প্ৰযুক্তিগত পৰিৱৰ্তন দেখিবলৈ পাওঁ। প্ৰতিৰক্ষা খণ্ডতো বহু সমস্যাৰ সৃষ্টি হৈছে, বিশেষকৈ চাইবাৰ খণ্ডত ভাবুকি বৃদ্ধি পাইছে। পৰিৱৰ্তিত পৰিস্থিতিৰ লগে লগে আমি প্ৰযুক্তিৰ উন্নীতকৰণৰ দিশত আগবাঢ়িব লাগিব। যদি কোনো প্ৰত্যাহ্বান আছে তেন্তে ইয়াৰ সমাধান আছে। এতিয়া প্ৰযুক্তিৰ উন্নীতকৰণৰ প্ৰচেষ্টা চলোৱা উচিত। এইদৰে মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ৰাজনাথ সিঙে কয় যে অর্থনৈতিক বিশেষজ্ঞসকলৰ মন্তব্য ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্ব অর্থনীতিৰ তৃতীয় স্থানত আহিব৷ আমাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি এই দিশত কাম কৰা উচিত। অনুষ্ঠানত ভাষণ দি ৰাজনাথ সিঙে কয় যে তেওঁ DIAT ৰ দ্বাদশ সমাৱৰ্তনৰ অংশ হ’বলৈ পাই অতিশয় আনন্দিত হৈছো।

Leave A Reply