নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা দখল দাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰিছে কাৰ্বি ছাত্র সন্থাই।আজি কাৰ্বি ছাত্র সন্থাৰ সভাপতি ছেমচন টেৰণৰ নেতৃত্বত এটা প্ৰতিনিধি দল লালুং গাওঁ আৰু আমদাঙাত উপস্থিতহৈ নিৰ্যাতিত কৃষক সকলৰ বুজ লয়।দলটোত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণৰ লগতে উপসভাপতি বিষ্ণু টেৰণ,সহকাৰী সম্পাদক অজয় ৰংচেহন,কাৰ্যবাহী সদস্য ৰাজেন টিচ,চেচন টিমুং আছিল।কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে-ন্যায়ালয়ৰ ওপৰত আমাৰ ভৰসা আছে।এই কৃষক সকলে ন্যায় লাভ কৰিব বুলি আমি আশাবাদী।তেওঁ কয় যে-পুঁঁজিপতিৰ স্বাৰ্থত চৰকাৰৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে কৃষক সকলৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে ই নিশ্চিতভাবে গৰিহণাযোগ্য।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দায়িত্বত থকা গৃহ বিভাগ এই ক্ষেত্ৰত ব্যৰ্থ হৈছে।জাতি-মাটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ দিনত খিলঞ্জীয়া জনসাধাৰণেই সুৰক্ষিত নহয়।এই কথা মিকিৰ বামুণীৰ ঘটনাই প্ৰমাণ কৰিছে।এই ঘটনাৰ বিৰুদ্ধে সকলো জাতীয়ভাবাপন্ন দল সংগঠন একত্ৰিতহৈ সংগ্ৰাম কৰিব লাগিব।আমি কাৰ্বি ছাত্র সন্থা এই কৃষক সকলৰ লগত সদায় আছো।