Delhi blast: দিল্লীৰ বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত কোতৱালি থানাত গোচৰ ৰুজু কৰিলে নিয়াইঃ দেশৰ কেইবাটাও স্থানত তালাচী অভিযান অব্যাহত

দিল্লীৰ (Delhi blast) বিস্ফোৰণক লৈ অব্যাহত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই জোৰদাৰ তদন্ত চলাই গৈছে৷ নিয়াৰ তদন্তত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য৷ জানিব পৰা মতে বিস্ফোৰণৰ পূৰ্বে দিল্লীৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা আই-২০ বাহনখনে৷ ইতিমধ্যে চিচিটিভিৰ দৃশ্যত সেই কথা ধৰা পৰিছে৷ ইপিনে তদন্তত ওলাই পৰিছে যে সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল অযোধ্যা, বাৰাণসী৷ অৱশ্যে চোৰাংচোৱাই সঠিক সময়ত সেই ষড়যন্ত্ৰৰ কথা ধৰা পেলাবলৈ সক্ষম হয়৷ ইপিনে আজি দিল্লীত সন্ত্ৰীসবাদীয়ে সংঘটিত কৰা কূটাঘাতৰ উত্তেজনাৰ মাজতে বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত চিচিএছৰ বৈঠক অনুষ্ঠিত হয়৷ উল্লেখ্য দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত এক শক্তিশালী বিস্ফোৰণত ১০জন লোক নিহত হোৱাৰ লগতে ডজনৰো অধিক আহত হোৱাৰ দুদিন পিছত বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাসগৃহত উচ্ছ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰে৷ আহ৩ান কৰে৷ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বৈঠকত ভাগ লোৱাৰ বাবে লোক কল্যাণ মাৰ্গত থকা মোদীৰ বাসভৱনত উপস্থিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত অধ্যক্ষতা কৰি পৰিস্থিতিৰ বুজ লয়৷ সোমবাৰৰ বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিবলৈ মধ্য দিল্লীৰ চিকিৎসালয়লৈ যায় মোদীয়ে৷ ছ’চিয়েল মিডিয়াত এটা পোষ্টত মোদীয়ে কয়, ‘এলএনজেপি হাস্পতাললৈ গৈ দিল্লীত বিস্ফোৰণৰ সময়ত আহতসকলক লগ পাইছিলোঁ৷ সকলোৰে শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো৷ ষড়যন্ত্ৰৰ আঁৰৰ লোকসকলক আইনৰ গণ্ডীলৈ অনা হ’ব’ চিকিৎসালয়ত প্ৰধানমন্ত্ৰীক চিকিৎসক আৰু নিৰাপত্তাৰক্ষীয়ে নিহতসকলৰ অৱস্থাৰ বিষয়ে অৱগত কৰে৷ মঙলবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ প্ৰমাণ দি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক তদন্ত অৰ্পণ কৰে৷ ইয়াৰ পিছত এন আই এয়ে আৰক্ষী অধীক্ষক পদবী আৰু তাৰ ওপৰৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত এটা দল গঠন কৰে৷ সূত্ৰ অনুসৰি, জইছ-ই-মহম্মদৰ সমৰ্থিত গোটে ২০০৮ চনৰ চ্ছযৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সমগ্ৰ দিল্লী, গুৰুগ্ৰাম আৰু ফৰিদাবাদত ধাৰাবাহিকভাৱে সমন্বিত আক্ৰমণৰ পৰিকল্পনা কৰিছিল৷

আনহাতে দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ। ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ। কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা। বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধৰ বাবে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। প্রথম পর্যায়ত জইছ-ঈ-মহম্মদ, আনছাৰ গজবাট উল হিন্দৰে এটা টীম গঠন কৰিছিল। দ্বিতীয় পর্যায়ত বিস্ফোৰক সামগ্রী একত্ৰীকৰণ কৰা। তৃতীয় পর্যায়ত IED প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰীক্ষণ কৰা। চতুর্থ পৰ্যায়ত কূটাঘাতকাৰীৰ হাতত বিস্ফোৰক সামগ্রী তুলি দিয়া। পঞ্চম পর্যায়ত বিস্ফোৰণ ঘটোৱা।NIAৰ তদন্তত উন্মোচিত কূটাঘাতকাৰীয়ে দিল্লী ধ্বংল কৰাৰ পৰিকল্পনা।

Related Articles