Delhi Election: কেজৰিৱাল-ছিছ’দিয়া পৰাজিত, আতিশী জয়ী

কেজৰিৱাল-চিছ’দিয়া পৰাজিত, আতিশী জয়ী। নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়। (Delhi Election)

দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল প্ৰকাশ। ৰাজধানী দিল্লীত ২৭ পিছত বিজেপিয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি আম আদমী দলক পৰাস্ত কৰিছে। নিৰ্বাচনৰ ফলাফলৰ দিনা আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত প্ৰাৰম্ভিক ধাৰাত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও তাৰ পিছত বিজেপিয়ে শক্তিশালী আৰু নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছিল। বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নে নকৰে সেই সিদ্ধান্ত কম সময়ৰ ভিতৰতে ল’বলৈ গৈ আছে। ৮ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগণনা।

নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱাল পৰাজয় হ’ল। বিজেপি প্ৰাৰ্থী প্ৰবেশ বৰ্মাৰ বিৰুদ্ধে পৰাজয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ১৮৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কেজৰিৱালৰ।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াইও পৰাজয় বৰণ কৰিছে নিৰ্বাচনত। জংগাপুৰা সমষ্টিত বিজেপি প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত পৰাস্ত হয় মনীষ ছিছ’ডিয়া।

আনহাতে কলকাজী আসনৰ পৰা নিৰ্বাচনত জয় লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে।

Related Articles