Delhi Railway station: মৃতকৰ আত্মীয়ক ১০ লাখকৈ ক্ষতিপূৰণ, গুৰুতৰভাৱে আহতক ২.৫ লাখ

কুম্ভমেলাত গা ধোৱাৰ উদ্দেশ্যৰে যাবলৈ লোৱা ১৮ জন যাত্ৰীৰ মৃত্যু নতুন দিল্লী ৰে’লৱে ষ্টেচনত। নিহতসকলৰ ভিতৰত তিনিটি শিশুও আছিল। ইয়াৰ বাহিৰেও বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক চিকিৎসাৰ বাবে এল এন জে পি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। (Delhi Railway station)


শনিবাৰে নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ ফলত ১৪ আৰু ১৫ নং প্লেটফৰ্মত বিশৃংখলতাৰ সৃষ্টি হয় আৰু কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয় বহু লোক। ৰে’লৱেৰ উপ আৰক্ষী আয়ুক্তই এক আনুষ্ঠানিক বিবৃতিত কয় যে যেতিয়া প্ৰয়াগৰাজ এক্সপ্ৰেছ ৰে’লখন ১৪ নম্বৰ প্লেটফৰ্মত ৰৈছিল তেতিয়া তাত ভিৰ হৈছিল।

গুৰুতৰভাৱে আহতসকলে ২.৫ লাখ আৰু সামান্য আঘাতপ্ৰাপ্তসকলে ১ লাখ লাভ কৰিব বুলি ৰে’লৱে ঘোষণা কৰিছে। আনহাতে নিহতসকলৰ আত্মীয়ক ১০ লাখকৈ ক্ষতিপূৰণ দিব।

শনিবাৰে নিশা এই ঘটনা সংঘটিত হয়।

Related Articles