আটলান্টালৈ যোৱা ডেল্টা এয়াৰলাইন্সত (Delta Airlines) মাজ আকাশতে লাগিল জুই। লছ এঞ্জেলছৰ পৰা আটলান্টালৈ যোৱা ডেল্টা এয়াৰলাইন্সৰ এখন বয়িং বিমানে উৰণৰ কিছু সময়ৰ পিছতে ইঞ্জিনত জুই লগাৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। আটলান্টালৈ যোৱা ডেল্টা এয়াৰলাইন্সৰ বিমানকনত হঠাতে ইঞ্জিনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (LAX) জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। বিমানখনত জুই লগা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত বিমানখনৰ বাওঁ ইঞ্জিনৰ পৰা জুই লগা দেখা গৈছে।
বিমানখন আছিল এয়াৰবাছ এ৩৩০। সেই সময়ত বিমানখনত আছিল ২৮২ জন যাত্ৰী, ১০ জন বিমান পৰিচাৰক আৰু দুজন পাইলট। অৱশ্যে কোনো লোকৰ আহত-নিহতৰ খবৰ পোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত বিমান পৰিবহণ বিভাগে তদন্ত আৰম্ভ কৰিছে। বিমানখন প্ৰায় ২৫ বছৰীয়া। বিমানখনত দুটা জেনেৰেল ইলেক্ট্ৰিক চিএফ৬ ইঞ্জিন আছে। ডেল্টা এয়াৰলাইন্সৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, “ডেল্টা বিমান ৪৪৬ বিমানখনৰ বাওঁ ইঞ্জিনত সমস্যাৰ লক্ষণ দেখা পোৱাৰ কিছু সময়ৰ পিছতেলছ এঞ্জেলছলৈ উভতি আহে।”