দেশৰ কাৰণে নতুন আতংকৰ কাৰণ কৰ’নাৰ ‘ডেল্টা প্লাছ’

কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশে সাময়িক সকাহ লাভ কৰিছে যদিও সংকট আঁতৰা নাই। উৎপৰিৱৰ্তনেৰে নতুন নতুন ৰূপ লাভ কৰা কৰ’নাৰ নতুন এক প্ৰকাৰ এতিয়া দেশৰ কাৰণে আশংকাৰ কাৰণ হৈ পৰিছে। এই প্ৰকাৰবিধক চিনাক্ত কৰা হৈছে ডেল্টা প্লাছ হিচাপে। কেন্দ্ৰীয় চৰকাৰে এই ডেল্টা প্লাছ প্ৰকাৰৰ পৰা আশংকা থকাৰ কথা অলপতে প্ৰকাশ কৰিছিল।

দেশত তৃতীয় ঢৌৰ কাৰণ হৈ পৰিব পাৰে ডেল্টা প্লাছ প্ৰকাৰ। দেশত এতিয়ালৈ কৰ’নাৰ ডেল্টা প্লাছ প্ৰকাৰৰ ৪০টা সংক্ৰমণ ধৰা পৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশত ডেল্টা প্লাছ প্ৰকাৰৰ উপস্থিতি চিনাক্ত হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যকেইখনলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।অৱশ্যে এতিয়ালৈ ইয়াৰ সংক্ৰমণ তীব্ৰতা লাভ কৰা নাই বুলি প্ৰকাশ পাইছে। দেশত এতিয়ালৈ চিনাক্ত হোৱা ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণৰ ভিতৰত মহাৰাষ্ট্ৰত ২১টা ঘটনা, মধ্যপ্ৰদেশত ৬টা, কেৰালাত তিনিটা, তামিলনাডুত তিনিটা, কৰ্ণাটকত দুটা আৰু পঞ্জাব, অন্ধ্ৰপ্ৰদেশ তথা জম্মুত এটাকৈ সংক্ৰমণৰ ঘটনা চিনাক্ত হৈছে।

Related Articles