Breaking

বিধায়ক পোনাকণ বৰুৱাক পুৰণি পেঞ্চন নীতি পুনৰ বলবৎকৰণৰ বাবে দাবী

0 1,110

ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ আহ্বান চাবুৱা আঞ্চলিক সমিতিৰ

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অধীনস্থ চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজীত শইকীয়াৰ নেতৃত্বত যোৱা এক দহজনীয়া এটা সঁজাতি দলে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাক সাক্ষাৎ কৰি এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সাক্ষাৎ কালত আগন্তুক বিধান সভাৰ প্ৰথম অধিবৱেশনত অসমৰ চৰকাৰী কৰ্মচাৰীৰ শংকা সৃষ্টিকাৰী নতুন পেঞ্চন ব্যৱস্থাৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বিষয়  উপস্থাপন কৰা হ’ব বুলি অৱগত কৰে। পোনাকন বৰুৱাৰ পদক্ষেপক চাবুৱা আঞ্চলিক সমিতিয়ে  আদৰণি জনাইছে। উল্লেখ্য যে প্রশ্ন উত্থাপন কৰাৰ বাবে যাৱতীয় অনুমোদন লাভ কৰিছে বুলি বিশেষ সূত্রে জানিব পৰা গৈছে। বিধায়ক পোনাকন বৰুৱাৰ উদ্যোগে সমগ্র অসমৰ এন পি এছ কৰ্মচাৰীৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি নন্দৰাম তাঁতী আৰু সাধাৰণ সম্পাদক অংকুৰ দত্তই সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে বিষয়টোৰ গুৰুত্ব বুজি বিধান সভাৰ অধ্যক্ষই অধিৱেশনৰ প্ৰথম কালছোৱাতে বিধায়ক বৰুৱাক বিষয়টো উপস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায়। লগতে বিধান সভাৰ সকলো বিধায়কে মন্ত্রীকে বিষয়টোৰ গুৰুত্ব বুজি অসমৰ লাখ লাখ এন পি এছ কৰ্মচাৰীক পুৰণি পেঞ্চন নীতিৰ সুবিধা প্ৰদান কৰাৰ বাবে আইন প্ৰণয়নৰ ব্যৱস্থা ল’বলৈ জিলা সমিতিৰ বিষয়ববীয়া দেৱজীত শইকীয়াই অনুৰোধ জনায়। আনহাতে কা আন্দোলনৰ সময়তে কোনো দুস্কৃতিকাৰীয়ে ধ্বংস কৰা চাবুৱা উপ কোষাগাৰটোৰ কাম কাজ ডিব্ৰুগড়ৰ মুখ্য কোষাগাৰত চলি থকাত অঞ্চলবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গতিকে পুনৰ কোষাগাৰটোৰ কাম কাজ চাবুৱাতে পৰিচালনা কৰিবলৈকো আজি সঁজাতি দলটোৱে অনুৰোধ জনায়।Attachments area

Leave A Reply