Breaking

কৃষি আইন বাতিলৰ দাবীত দেৰগাঁৱত প্ৰতিবাদী কাৰ্যসূচী

0 19

জনবিৰোধী তিনিখন কৃষি আইন বাতিলৰ দাবীত ২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীত কৃষক সকলে  অব্যাহত ৰখা আন্দোলনৰ এবছৰ সম্পূৰ্ণ কৰাৰ দিনটোত সমগ্ৰ দেশতে কৃষক শ্ৰমিকে জনবিৰোধী কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

দেৰগাঁৱতো এই দিনটোত নৰেন শৰ্মা স্মৃতি পথাৰত চিপিআইএম আৰু চিআইটিইউৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰতিবাদী সকলে কৃষক আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই চিআইটিইউৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰকাশ হাজৰিকা আৰু চিপিআইএমৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক যুগল নাথে বিজেপি চৰকাৰ খনৰ বিভিন্ন জনবিৰোধী আচনি সমুহৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি বক্তব্য প্ৰদান কৰে।

প্ৰতিবাদকাৰী সকলে সংসদত জনবিৰোধী কৃষি আইন বাতিল কৰক, কৃষকক উৎপাদিত পণ্যৰ নুন্যতম সহায়ক মূল্য প্ৰদানৰ আইন গ্ৰহণ কৰক, বিদ্যুৎ (সংশোধনী) বিল ২০২১ বাতিল কৰক, শ্ৰম আইন ৰক্ষা কৰক, শ্ৰম সংহিতা বাতিল কৰক আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।

Leave A Reply