ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক বদলিৰ দাবী

ওদালগুৰি জিলাৰ  ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক গৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি দুগৰাকী বেংক মিএৰ জৰিয়তে পৰিচালক গৰাকীয়ে কোৰোণাৰে ধন চপাই নিজৰ জেপ গধুৰ কৰি মাছে মঙহে খাইছিল বেংকটোৰ ভিতৰত ।এনেদৰে  অভিযোগ উত্থাপন কৰিছে আত্মসহায়ক গোটৰ মহিলা সকলে ।  এই সন্দৰ্ভত আত্মসহায়ক গোটৰ মহিলা সকলে ওদালগুৰি জিলা উপায়ুক্তক পৰিচালক গৰাকীক  বেংকটোৰ পৰা বদলি কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে । পৰিচালক গৰাকীয়ে আত্মসহায়ক গোটৰ মহিলা সকলৰ  পৰা উৎকোচ লোৱাৰ কথা  উল্লেখ কৰি উপাযুক দিযা স্মাৰক পত্ৰ খনত উল্লেখ কৰা মতে আত্মসহায়ক  গোটৰ মহিলা সকলক চৰকাৰে আগবঢ়োৱা ঋণ, এককালীন সাহাৰ্য্য মোকোলাই দিয়াৰ নামত বেংকটোত নিয়োজিত হৈ থকা দুগৰাকী বেংক মিএৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোটৰ পৰা  ২ হাজাৰ পৰা ৩ হাজাৰ টকা উৎকোচ লয়। এই টকা নিদিলে পৰিচালক গৰাকীয়ে বেংক মিএৰ  জৰিয়তে গোটৰ মহিলা সকলৰ ঋন অৰ্থবা এককালীন সাহাৰ্য্য পলম হব বুলি জনাই দিযে । উপায়ন্তৰ হৈ মহিলা সকলে পৰিচালক গৰাকীক এই ধন দিবলৈ বাধ্য হয় । অবশ্যে বেংক মিএ দুগৰাকীৰ উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ  পাছত মাজবাট উন্নয়ন খণ্ডৰ  বি পি এম গৰাকীয়ে তাৎক্ষণিক ভাৱে বেংক মিএ দুগৰাকীক ওৰাং গ্ৰামীণ বিকাশ বেংকৰ পৰা  উলিয়াই দিযা বুলি জানিব পৰা গৈছে ।কিন্তু   বেংক মিএ দুগৰাকীক বিভাৰ্গীয কৰ্তৃপক্ষই  উলিয়াই  দিয়াত নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ বাবে  মহিলা সকলৰ ওপৰত পুনৰ খৰ্গহস্ত হৈ পৰিছে এই গৰাকী ঘোচ খোৰ বেংক পৰিচালকে।  নোম টেঙৰ এই গৰাকী পৰিচালকৰ স্বেচ্ছাচাৰী অপশাসনৰ বাবে আত্মসহায়ক গোটৰ মহিলা সকলে অতিষ্ঠ হৈ পৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে ওৰাং গ্ৰামীণ বিকাশ বেংক পৰিচালক গৰাকী বদলি কৰিবলৈ অনুৰোধ জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।

Related Articles