Breaking

সোণাৰিত আলফা (স্বাধীন)ৰ নামত ধন দাবী

0 115

খবৰ অনুসৰি, সোণাৰিৰ টিমন চাহ বাগিচা কৰ্তৃপক্ষক ৭২ লাখ টকা দাবী আলফা (স্বাধীন)ৰ।

জানিব পৰা মতে, নয়ন অসম স্বাক্ষৰিত ধন দাবী-পত্ৰ পোৱাৰ পিছতেই বাগিচাৰ পৰা পলায়ন কৰিছে মুখ্য পৰিচালক মনোজ গগৈয়ে।

শেহতীয়াকৈ চৰাইদেউৰ প্ৰায় ৫খন চাহ বাগিচাত ধন দাবী আলফাৰ। ধন দাবীৰ কথা স্বীকাৰ কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে।

এই ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

যোৱা বছৰৰ নৱেম্বৰ মাহত সংঘটিত একেধৰণৰ ঘটনাত অসমৰ চৰাইদেউ জিলাৰ পৰা টিংমন কন্যাক নামৰ এজন যুৱকে নিজকে আলফা(স্বাধীন)ৰ কেডাৰ বুলি পৰিচয় দি ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কন্যাক আছিল নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা।

আলফা(স্বাধীন)ৰ নামত সোণাৰিৰ নামতোলা অঞ্চলত বহু ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল যুৱকজনে।

Leave A Reply