কৃষি বিধেয়কক লৈ বিক্ষোভ : ৰিপুন বৰাসহ ৮ সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বিত

দৈনন্দিন বাৰ্তা ডেস্ক : কৃষি বিধেয়কক লৈ বিক্ষোভ কৰা আঠজন সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে ৷ দেওবাৰে ৰাজ্যসভাত কৃষি সংক্ৰান্তীয় বিতৰ্কিত বিধেয়কৰ বিৰোধিতা কৰা পচন্দ হোৱা নাই কেন্দ্ৰৰ ৷ সেয়ে এই সিদ্ধান্ত লোৱা হয় ৷ আম আদমি পাৰ্টিৰ সঞ্জয় সিং, কংগ্ৰেছৰ ৰাজু সতাব, কেকে ৰাগেশ, ৰিপুন বৰা, দোলা সেন, ছইদ নাজিৰ হুছেইন, এলামাৰান কাৰিম আৰু তৃণমূলৰ ডেৰেক অ’ব্ৰায়েন এই আঠজন সাংসদক এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে ৷ সোমবাৰে বিৰোধী দলৰ সদস্যসকলে নিজৰ মাজত বৈঠক কৰিছিল বুলি প্ৰকাশ ৷ তেওঁলোকৰ দাবী, গণতন্ত্ৰৰ পীঠস্থানত ‘গণতন্ত্ৰ হত্যা’ কৰা হৈছে ৷ গাৰ জোৰেৰে এই কৃষি সংক্ৰান্তৰ বিতৰ্কিত দুখল বিধেয়ক ৰাজ্যসভাত গৃহীত কৰা হ’ল ৷ বিৰোধীৰ আপত্তিক গুৰুত্ব নিদি ধ্বনি ভোটেৰে গৃহীত কৰা হ’ল কৃষি সংক্রান্তীয় বিতৰ্কিত দুখন বিধেয়ক ৷ এই বিধেয়ক দুখন ছিলেক্ট কমিটীলৈ পঠোৱাত বিৰোধীয়ে ভোটৰ দাবী কৰিছিল ৷ কিন্তু উপাধ্যক্ষই সন্মতি নিদিলে ৷ তিৰ প্ৰতিবাদত হুলস্থূল হ’ল, মাইক ভাগিল ৷ সভাৰ ৰুলছ বুক ফালি পেলোৱা হ’ল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱাত মাৰ্ছেল নামিল ৷ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙ বিৰুদ্ধে অনাস্থা আনিলে ১২টা বিৰোধী দলে ৷ দেওবাৰে অনুমান কৰিব পাৰিছিল সম্পূৰ্ণ ঘটনাটোত বিৰোধী শিবিৰৰ ২০–‌‌২৫ জন সাংসদক নিলম্বিত কৰিব ৷ উল্লেখ্য যে অতীতত এনে ঘটনা হোৱা নাছিল ৷ বিতৰ্কিত আৰু গুৰুত্বপূৰ্ণ বিধেয়ক কোনো ধৰণৰ স্ক্রুটিনি নোহোৱাকৈ ধ্বনি ভোটত গৃহীত কৰাটো নজিৰ বিহীন ৷ লোকসভাৰ পাচত ৰাজ্যসভাত বিতর্কিত বিধেয়ক দুখন গৃহীত হোৱাৰ পাচত এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ’লেই আইনলৈ ৰূপান্তৰিত হ’ব ৷ কংগ্ৰেছ, তৃণমূলসহ ১২টা দলৰ বক্তব্য, সংসদত গণতন্ত্র হত্যা কৰা হৈছে ৷ দেওবাৰ আছিল দেশৰ বাবে ক’লা দিন ৷

Related Articles