দৈনন্দিন বাৰ্তা সেৱা, নামখলাৰঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক দেওমৰনৈ অধিৱেশন আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান দেওমৰনৈ বি.এড. মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।
সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়াই আঁতধৰা অনুষ্ঠানত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপুৰ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই।
অনুষ্ঠানত উপস্থিত থাকে দেওমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ-অধিক্ষক কমলাকান্ত শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰনাথ শৰ্মা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত শশাংক কুমাৰ হাজৰিকা, দৰং ওডালগুৰি জিলাৰ জেষ্ঠ্য সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, জয়দেৱ ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীকে আদি কৰি জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷

