জাতীয় ফল নেমু খেতিৰ উৎপাদনত কৃষি বিভাগৰ বিশেষ ব্যৱস্থা গ্ৰহণ ।
বিধানসভাত অসমৰ সুগন্ধি যুক্ত কাজিনেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ পিছত শোনিতপুৰ জিলাৰ কৃষি বিভাগৰ উদ্যোগত নেমু খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃষি বিভাগে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে ৷

নিৰ্বাচিত কৃষকক কৃষি বিজ্ঞান কেন্দ্ৰত বিজ্ঞান ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰাৰ কায’সুচী লোৱা হৈছে বুলি শোনিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ জ্যোতি শইকীয়াই আমাৰ সংবাদ দাতাৰ আগত ব্যক্ত কৰে ৷

ইতিমধ্যে তেজপুৰৰ দ-পৰ্বতীয়া আৰু জামুগুৰিত বিভিন্ন প্ৰজাতিৰ নেমুখেতিৰ লগত জড়িত কৃষকৰ কৃষি ভুমিত জাতীয় ফল নেমু খেতিৰ অধিক উৎপাদন কৰিব পৰাকৈ বিভাগৰ তৰফৰ পৰা জৰীপ চলোৱা হৈছে বুলিও জিলা কৃষি বিষয়া গৰাকীয়ে সৱিশেষ জনায় ৷