উত্তৰ গুৱাহাটী ৰজাদূৱাৰৰ পাহাৰত পুনৰ প্ৰত্নতত্ব বিভাগৰ খননস্থলী পৰিদৰ্শন

উত্তৰ গুৱাহাটী ৰজাদূৱাৰ পাহাৰত পুণৰ প্ৰত্নতত্ত্ব বিভাগৰ লৰাধপৰা। ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালিকা ড॰ দিপিৰেখা কুলি সহ এটি দল উপস্থিত হৈ আৰম্ভ কৰিলে ঐতিহাসিক স্থানসমৃদ্ধ সমল। উল্লেখ্য যে উত্তৰ গুৱাহাটী ৰজাদূৱাৰৰ আবিলেক চৌহদত থকা পাহাৰ খননত অলপতে ওলাইছিল বহু শৈল ভাস্কয্য। স্থানীয় সচেতন লোকৰ আপত্তি নেওচি টিলা সদৃশ স্থানৰ বহু গছ গছনি কটা হৈছিল।

পৰৱৰ্তী সময়ত আবিলেকৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সঞ্চালক ড॰ দীলিপ কলিতাৰ নিৰ্দেশত পাহাৰত এক্সাভেটৰ লগাই ধংস কৰা হৈছিল পুৰাতাত্বিক বহু সমল। খবৰ পাই লৰি অহা প্ৰত্নতত্ব বিভাগে তৎকালে বন্ধ কৰিছিল খনন। পুণৰ বন্ধ কৰা অভিযান চলাবলৈ শুক্ৰবাৰে আবেলি চাৰি বজাত উপস্থিত,সঞ্চালিকা সহ দলটিয়ে। কিন্তু, আন্ধাৰৰ বাবে কাম আৰম্ভ কৰিয়ে সামৰিলে অভিযান। ইফালে বাতৰি সংগ্ৰহৰ বাবে যোৱা স্থানীয় সাংবাদিকলৈ চোচা ললে ,অট্টালিকা নিৰ্মানৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ দীপক সৰকাৰে।

সাংবাদিকৰ ম’বাইল কেমেৰা থপিয়াবলৈ উদ্যত হয় ঠিকাদাৰজন। তদুপৰি ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ সীমিত স্কীল শ্ৰমিকৰ আজুহাত দেখুৱাই আনস্কীল শ্ৰমিক নিযুক্তিৰো নিৰ্দেশ দিলে সঞ্চালিকা দীপৰেখা কুলিয়ে। সঞ্চালিকা ড॰ কুলিয়ে খনন স্থলীত উপস্থিত হৈ আবিলেক সঞ্চালক গৰাকীৰ সতে পৰিদৰ্শন কৰি হতভম্ব হয়। এক্সাভেটৰেৰে খান্দি সমল সমূহ নষ্ট কৰাত সঞ্চালক কলিতাৰ ওপৰত ক্ষোভিত হৈ পৰে প্ৰত্নতত্ব বিভাগৰ সঞ্চালিকা ড॰ কুলি।

বিভাগীয় অনুমতি অবিহনে ঐতিহাসিক স্মৃতিচিহ্ন নষ্ট কৰাত ক্ষোভ প্ৰকাশ কৰি বিভাগীয়ভাবে অনুসন্ধান চলোৱা হব বুলি ড॰ কুলিয়ে দোহাৰে। পয্যাপ্ত শ্ৰমিক নথকাত স্থানীয় শ্ৰমিক নিয়োগ কৰাৰ বাবে আবিলেক সঞ্চালকক কয়। সাংবাদিকৰে মুখামুখি হৈ প্ৰত্নতত্ব বিভাগৰ সঞ্চালিকা ড॰ দিপিৰেখা কুলিয়ে কয় যে আমি কিছু খনন কৰিলেই কিবা মূল্যবান সমল থকাৰ ইংগীত পাম। যদিহে একো পোৱা নহয় আবিলেকক নিৰ্মান আৰম্ভ কৰিবলৈ দিব পাৰিম । এই টিলাটো কোনো ঘৰৰ ভেটিৰ লেখীয়া এটা অবয়ব ,য”ত শিল পাৰি পাৰি থোৱা বুলি অনুমান কৰিছো । পিছে আনস্কীল শ্ৰমিকেৰে খনন কৰি কিমানদুৰ সুৰক্ষিতভাবে উদ্ধাৰ হব ঐতিহাসিক সমল সমূহ সেই বিষয়ে স্থানীয় সচেতন লৈকৰ মাজত প্ৰতিক্ৰিয়া হৈছে।

আধুনিক অসমীয়া শিলালিপিৰ নিদৰ্শন কানাই বৰশীবোৱা শিলািপি আৰু বৰনদীৰ সেই ঐতিহাসিক ৰজা পৃঠুৱে বখটিয়াৰ খিলজীক পৰাস্ত কৰা স্থানত আবিলেক অতিথিশালা নিৰ্মাণকলৈ কিয় তৎপৰতা ড॰ দীলিপ কলিতাৰ তাকে লৈ প্ৰশ্ন উঠিছে। অতিথিশালা নিৰ্মাণৰ বাবে লাভ কৰা তিনি কোটি টকাত খৰচৰে অতিথিশালা নিৰ্মাণৰ তাগিদাতে চিৰ দিনৰ বাবে মচি পেলোৱা হ’ব নেকি বুৰঞ্জীৰ পৃষ্ঠা এই লৈ এতিয়া সৰ্বত্ৰে চৰ্চা।

স্থানীয় সচেতন লোকৰ ভাষ্য অনুসৰি এয়া ষষ্ঠ সপ্তম শতিকাৰ পাল বংশৰ ৰজাৰ ৰাজধানী থকা সময়ৰে কিছু সমল হব পাৰে। নতুুবা ষোল্ল শ শতিকাৰ পৰা সোতৰশ শতিকাত আহোম ৰজা ৰূদ্ৰসিংহই বংগ আক্ৰমণৰ পৰিকল্পনা কৰি বাহৰ পাতি বহু দিনলৈ থকালৈ চাই আহোম যুগৰ কিছু চানেকি ৰৈ যাব পাৰে বুলি কয়।

সমীপৰে আন স্থানত আবিলেক অতিথিশালা নিৰ্মাণৰ কথা বিবেচনা কৰিব নোৱাৰিবলৈ স্থানীয় সচেতন লৈকে দাবী জনাইছে। ইফালে কালি প্ৰত্নতত্ব বিভাগৰ লগত স্থানীয় শ্ৰমিকৰ এটি দলে খনন কায্য চলায়। খনন কালত ৰূদ্ৰেশ্বৰ দেৱালয়ত ব্যবহৃত ইটাৰ আৰ্হিৰ দুটা ইটা আৰু আদিম মানবে ব্যৱহাৰ কৰা চ’পাৰচ আৰ্হিৰ শিল উদ্ধাৰ হয়। পোত গৈ থকা আন এটি শিলৰো খনন কায্য চলাই থকা দেখা গল ৰজাদূৱাৰৰ খননস্থলীত।

Related Articles