Breaking

অসমীয়া যুৱকৰ উদ্যমী যুবকৰ প্ৰচেষ্টাত ওৰাঙত ডিপাৰ্টমেণ্টেল ষ্টোৰ মুকলি

0 2,027

বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্যবাসীক চিন্তিত কৰি তোলা সময়তে ওদালগুৰি জিলাৰ ওৰাঙৰ উদ্যমী যুৱক দিপক বৰ্মন নামৰ লোকজনে আৰম্ভ কৰিছে “মা ফুড ডিপুট “নামৰ এক প্ৰশংসনীয় সেৱা মুলক ব্যৱসায় প্ৰতিষ্ঠান । ৭০ন মাজবাট  বিধান সভা সমষ্টিৰ তথা বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ  অন্তৰ্গত ওৰাং  মাজবাট ৰোডত শুভাৰম্ভণি  কৰা উক্ত সেৱা মুলক ব্যৱসায় প্ৰতিষ্ঠান টোত মানুহৰ  দৈনন্দিন জীৱনত  অৰ্হনিশে  ব্যৱহাৰ হোৱা সকলো ধৰণৰ খাদ্য সামগ্ৰী যেনে ডাইল ,চেনী,চাউল আদি সকলো সামগ্ৰী পেকেটিং কৰি গ্ৰাহক সকলক  সুলভ মুল্যত যোগান ধৰিছে  । ওৰাঙৰ  উদ্যমী যুৱক দিপক বৰ্মনৰ “মা ফুড ডিপুট নামৰ ব্যৱসায় প্রতিষ্ঠান খনে খাদ্য সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত নিত্য নৈমিত্তিক প্ৰয়োজনীয় সকলো ধৰণৰ সা – সামগ্ৰী যোগান ধৰি ৰাইজক নিষ্ঠা ,দায়িত্ব সহকাৰে সেৱা কৰাৰ লগতে নিজা নিজা  সেৱামূলক প্ৰতিষ্ঠান আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে । ৰাজ্যত বহিৰাজ্যৰ পৰা আহি বহু লোকে ব্যৱসায় কৰি থকা সময়তে অসম সন্তান খিলঞ্জীয়া যুৱক সকলে অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নাথাকি এইধৰণৰ ব্যৱসায় আৰম্ভ কৰাত অঞ্চল বাসীয়ে উদ্যমী যুৱক তথা  নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এক উদাহৰণ স্বৰূপ হৈ উঠা উক্ত ব্যৱসায়ৰ স্থলীৰ স্বত্বাধিকাৰী বৰ্মনক স্থানীয় ৰাইজে শলাগিছে । স্বত্বাধিকাৰী বৰ্মনে জানিব দিয়া মতে তেওঁৰ দোকানত মাহেলি অতি কমেও এবাৰত ১০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহক সকলৰ মাজত লটাৰী খেল পাতি প্ৰতিমাহে গ্ৰাহক সকলক উপহাৰ দিয়াৰো চিন্তা চর্চা আগবঢ়াইছে ।

Leave A Reply