নগাঁও, ২৩ ছেপ্টেম্বৰঃ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আইৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নগাঁৱৰ ৭ জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হ’ব৷ উল্লেখযোগ্য যে বিগত বৰ্ষত নগাঁৱৰ জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত সেই মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুক পৰিয়ালৰ লগতে সাধাৰণ ৰাইজেও সহজভাৱে লব পৰা নাছিল৷(Junmoni Rabha)
পিচত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোচৰটোৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইক অৰ্পণ কৰা হৈছিল৷ চি বি আইৰ এটা দলে প্ৰাৰম্ভিকভাৱে জোনমনি ৰাভাৰ মৃত্যুৰ লগতে মৃত্যুৰ সৈতে সাঙোৰ খোৱা আন এটা গোচৰো ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত৷ চি বি আইৰ দলে জোনমনি ৰাভাৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন নগাঁও আদালতৰ দাখিল কৰাৰ পাছত অৱশেষত নকল সোণ আৰু জালনোটৰ গোচৰৰ তদন্তৰ প্ৰতিবেদনো দাখিল কৰিছে ৷(CBI)
চি বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ সেই সময়ত জোনমনি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সাত গৰাকীকৈ বিষয়াৰ নাম চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰাৰ পাছতেই বিষয়া কেইগৰাকীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ (SI junmoni rabha)
নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াই আনুষ্ঠানিকভাবে আৰক্ষী বিষয়া কেইজনৰ নাম প্ৰকাশ কৰিব বিচৰা নাই যদিও আৰক্ষী বিষয়ালীনা দলে,ৰূপজ্যোতি কলিতা, আভাজ্যোতি ৰাভা,পৱন কলিতা,উৎপল বৈশ্য, জাকাৰিয়া চৌধুৰী, মনোজ বৰুৱাৰ বিৰুদ্ধে বিভাগীয় তদন্ত হব বুলি এটা সূত্ৰত প্ৰকাশ৷ইয়াৰোপৰি গোচৰটোত সাঙোৰ খোৱা আন দুজনকৈ লোকৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে অপৰাধৰ গোচৰ ৰুজু কৰিছে৷ আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে ৰচিদুল হক আৰু ৰাজু বাস্ফৰ নামৰ লোক দুজনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত গোচৰ ৰুজু কৰিছে৷(Nagaon police)

