লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বিভিন্ন চৰকাৰী বিভাগবোৰৰ মুৰব্বী বিষয়া সকলক লৈ আজি ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যলয়ৰ সভা কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।আজি ঢকুৱাখনা মহকুমাধি পতিৰ কাৰ্যালয়ৰ সভাকক্ষত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সৎৱানৰ উপস্থিতিত বিধায়ক নৱ কুমাৰ দলেৰ অধ্যক্ষতাত আৰু ঢকুৱাখনাৰ মহকুমাধিপতি গুৰনেইল সিঙৰ সহযোগত অনুষ্ঠিত সভাখনত ঢকুৱাখনা মহকুমাটোৰ-স্বাস্থ্য বিভাগ,শিক্ষা বিভাগ,লোক নিৰ্মাণ বিভাগ,জন স্বাস্থ্য কাৰিকৰী বিভাগ,পশুপালন বিভাগ,কৃষি বিভাগ,বিদ্যুৎ বিভাগ,জল সিঞ্চন বিভাগ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে।সভাত জিলা উপায়ুক্ত আৰু বিধায়ক গৰাকীৰ আগত বিভিন্ন চৰকাৰী বিভাগবোৰে মহকুমাটোত ৰূপায়ন কৰা ভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক পৰ্যালোচনা আগবঢ়াই। তদুপৰি এই সভাখনতে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতি,সম্ভাব্য বানপানী,খহনীয়া সমস্যা আৰু ইয়াৰ সমাধান, কৃষি, যাতায়ত-যোগাযোগ ব্যৱস্থা আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই,ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে ভালে সংখ্যক অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত থাকে।

