দীৰ্ঘ দিনৰ বিৰতিৰ পাছত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ খোলাৰ লগে লগে স্বাভাৱিকতেই শিশু শিক্ষাৰ্থী সকলৰ মনত উৎসাহ উদ্দীপনা আৰু আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে । আশাভৰা দিনৰ প্ৰত্যাশাৰে শিশু সকল প্ৰাণচঞ্চল হৈ বিদ্যালয়লৈ আহিছে । এনে এক প্ৰেক্ষাপটতে কালি আৰু আজি বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে বজালী জিলাৰ কেইখনমান শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত বাৰ্তালাপ কৰে । আজি পুৱাৰ ভাগতেই উপায়ুক্ত গৰাকীয়ে গৃহভূমি পাটাছাৰকুছিত শৈশৱতে তেও অধ্যয়ন কৰা 64নম্বৰ পাটাছাৰকুছি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ এক প্ৰকাৰ নষ্টালজিক হৈ পৰে আৰু বিদ্যালয়খনৰ শিশু শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰিক জানিবলৈ দিয়ে যে অৰ্দ্ধ শতিকা পূৰ্বে নিজে ঘৰত বোৱা ঢাৰি কোছত লৈ বিদ্যালয়লৈ আহি তেও কেনেদৰে কলপাতত পাখিৰে দোৱাতৰ পৰা চিঁয়াহী উলিয়াই বৰ্ণমালা লিখাৰ অভ্যাস কৰিছিল সেই স্মৃতি ব্যক্তি কৰি আবেগিক হৈ পৰা উপায়ুক্ত গৰাকীয়ে কয় যে আজি আৰু কলপাত পাখি দোৱাতৰ চিঁয়াহীৰ দিন নাই । আজি কোছত খুছি ঢাৰিও আনিব নালাগে শিক্ষাৰ্থীয়ে । অথচ সেই দিনবোৰত কলপাত লিখা নিজে বোৱা ঢাৰি অনা ব্যৱস্থাই শিক্ষাৰ্থীৰ পৰৱৰ্তী জীৱনত অনেক দিশতেই প্ৰভাৱ বিস্তাৰ কৰিছিল ।এইবোৰো আছিল সেই সময়ত শৈক্ষিক ক্ষেত্ৰৰ একো একোটা উল্লেখনীয় স্তৰ । এনেদৰে শৈশৱতে প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰৰ যাত্ৰাৰ শুভাৰম্ভ কৰা উপায়ুক্ত দেৱ চৌধুৰীয়ে আৰু কয় যে ওচৰতে আছিল পাটাছাৰকুছি বিদ্যাপীঠ । প্ৰাথমিক বিদ্যালয়খনৰ বিদ্যাপীঠৰ সতে সম্পৰ্ক আছিল ককাই ভাইৰ দৰে । প্ৰাথমিকৰ দেওনা গৰকিয়েই পোনে পোনে শিক্ষাৰ্থী অধ্যয়নৰ বাবে ঢাপলি মেলিছিল বিদ্যাপীঠলৈ । কাষতে আছিল শিক্ষাৰ্থীৰ জ্ঞানৰ ভৰাল সমৃদ্ধ কৰিবলৈ প্ৰাচ্য সংঘৰ পুথিভৰাল ।এই ত্ৰি শক্তিৰ অনিৰুদ্ধ গতিয়ে যন্ত্ৰযুগে আক্ৰান্ত নকৰা সময়তে পাটাছাৰকুছিৰ সমাজ শৈক্ষিক সাংস্কৃতিক দিশক দিছিল অনন্য মৰ্যাদা ।এইদৰে পুৰণি স্মৃতি আৰু ঐতিহ্য স্মৰণ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে ঐতিহ্যৰ স্মৰণে ব্যক্তিৰ মহানুভৱতা উন্মোচন কৰে । তেও শিক্ষাৰ্থী আৰু শিক্ষক সকলক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হবলৈ আহ্বান জনাই অতি সৰল ভাষাৰে ইয়াৰ ওপৰত আলোকপাত কৰে আৰু শিক্ষাৰ্থীক পাঠদানো কৰে । তেও অতি প্ৰাঞ্জল ভাষাৰে শিক্ষাৰ্থী সকলক কোভিদ সম্পৰ্কতো বুজনি দিয়ে ।উল্লেখ্য 1901 চনত প্ৰতিস্থা লাভ কৰা এইখন বিদ্যালয়ক দূৰ্গোৎসৱত পাটাছাৰকুছিলৈ অহা মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহাৰ্য দিয়াৰ বিষয়ে ঘোষণা কৰিছিল ।

