ফাইলেৰিয়াত আক্ৰান্ত লাল বাহাদুৰ বস্নেতৰ ঘৰত উপায়ুক্ত পি উদয় প্ৰবীন

ওদালগুৰি জিলাৰ হৰিশিঙা থানা অন্তৰ্গত ১নং আমজুলী শিঙৰী বস্তি নিবাসী মদন বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেতৰ যোৱা তিনি-চাৰি বছৰ ধৰি হৈ থকা ফাইলেৰিয়া বেমাৰত চিকিৎসাৰ কাৰণে তেজপুৰ, গুৱাহাটী মেডিকেলত গৈও কোনো সুফল নোপোৱাত উক্ত খবৰটো যোৱা ২২ দিন আগত অসমৰ বাতৰি কাকতকে ধৰি প’ৰ্টেল সমুহত প্ৰচাৰ হোৱাত ওদালগুৰি স্বাস্থ্য বিভাগৰ দল উক্ত স্থানলৈ গৈ লাল বাহাদুৰৰ তেজৰ নমুনা সংগ্ৰহ কৰি আনিছিল যদিও স্বাস্থ্য বিভাগে সেই তেজৰ নমুনাৰ প্ৰতিবেদন দিবলৈ সময় লগোৱাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি জিলা উপায়ূক্ত পি উদয় প্ৰবীনক ৰোগীৰ বিষয় অৱগত কৰোৱাত গোৰ্খা সন্মিলনৰ খবৰত আচৰিত হয় আৰু লগে লগে ওদালগুৰি স্বাস্থ্য বিভাগক লৈ উপায়ুক্ত লাল বাহাদুৰৰ ঘৰলৈ ৮ অক্টোবৰত উপস্থিত হয়।

উপায়ুক্ত পি উদয় প্ৰবীনে ৰোগীৰ অৱস্থা আৰু ঘৰৰ পৰিবেশ  দেখি মৰ্মাহত হয়। গাওঁৰ ৰাইজ একত্ৰিত হৈ উপায়ুক্তক সেই স্থানলৈ যোৱাৰ বাবে ধন্যবাদ জনায়। উপায়ূক্তই  ৰোগী লাল বাহাদুৰৰ লগত একেলগে বহি  ৰোগ নিৰ্মুল কৰি দিয়াৰ সংকল্প লয় আৰু লাল বাহাদুৰক কিছু আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে।   অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ আহ্বানত ১ নং আমজুলীত যোৱা উপায়ুক্তক উক্ত ঠাইত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি দেৱৰাজ নেউপানে, সাংগঠনিক সম্পাদক বল বাহাদুৰ বিশ্বকৰ্মা, কুন্দৰবিল শাখা সমিতিৰ সভাপতি টংক সোনাৰীয়ে তেওঁক সম্বৰ্ধনা জনায়। স্থানীয় গাওঁবাসীয়ে অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যক ধন্যবাদ জ্ঞাপন কৰে।

Related Articles