লক্ষীপুৰ জলেশ্বৰৰ ভয়াবহ গড়াখহনীয়াৰ বুজ ললে উপায়ুক্তই

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ টাকিমাৰী অঞ্চলত  ভয়াবহ ভাবে অৱ্যাহত থকা গড়াখহনীয়াৰ কালি আবেলি  বুজ লবলৈ আহে  গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে ।উল্লেখ্য যে জলেশ্বৰৰ টাকিমাৰী, নাতিন টোঙা, মধুপুৰ, বানিয়া পাৰাকে ধৰি বিস্তৃত অঞ্চলত দীৰ্ঘ দিনৰ পৰা অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ গড়া খহনীয়া । ইতিমধ্যে এনে গড়াখহনীয়াত কিছু দিনৰ ভিতৰতে  অঞ্চলটোত  শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ সা সম্পত্তি সমুলি জাহ গৈছে ব্ৰহ্মপুত্ৰত ।সম্প্ৰতি গড়া খহনীয়াই ভয়াবহ ৰূপ লৈছে । সৰ্বস্ব হেৰুৱা পৰিয়াল সমুহ মথাউৰিৰ পাৰকে ধৰি বিভিন্ন ঠাইত আশ্ৰয় লৈছে । প্ৰসংগত উল্লেখ্যনীয় যে ব্ৰহ্মপুত্ৰৰ এনে  খহনীয়াই স্বাধীনতাৰ পিছৰে পৰা শতাধিক গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছে আৰু এই সকল পৰিয়ালে অসমৰ বিভিন্ন ঠাইত আশ্ৰয় লবলগীয়া হৈছে ।এনে দুৰ্ভগীয়া পৰিয়াল সমুহে সময়ে সময়ে বাংলাদেশীৰ অপবাদ সয্য কৰিব লগীয়া হোৱা বুলিও ক্ষোভ উজাৰে ভূক্ত ভোগী সকলে ।ফলস্বৰূপে   অঞ্চলটোৰ ৰাইজে এনে গড়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে গড়াখহনীয়াত সৰ্বস্ব হেৰুৱা লোক সকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপিত কৰি আহিছে । অৱশেষত গোৱালপাৰাত নতুনকৈ দায়িত্ব ভাৰ লোৱা উপায়ুক্ত গৰাকীয়ে এনে গড়াখহনীয়াৰ বুজ লৈ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অব্যাহত থকা এনে গড়াখহনীয়াৰ তাৎক্ষনিক  ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে ।জিলা উপায়ুক্ত গৰাকীৰ সৈতে গড়াখহনীয়া স্থলীত উপস্থিত থাকে কেবা গৰাকী জলসম্পদ বিভাগৰ বিষয়া,  লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথকে ধৰি ভালেমান বিষয়া ।

Related Articles