দেৰগাঁৱত ভয়ানক অঘটন। (Dergaon News) পোহনীয়া হাতীৰ গছকত মৃত্যু হাতীৰ মালিকৰ। মৃত লোকজন মলাই কুমাৰ গাঁৱৰ কেশৱ বৰা। আঘাতপ্ৰাপ্ত হ’ল আন দুজন। ইয়াৰে আঘাতপ্ৰাপ্ত এজন হ’ল হাতীটোৰ মাউত। জানিবপৰা মতে কিছুদিন ধৰি হাতীটোক ৰাখি থোৱা হৈছিল দেৰগাঁৱৰ ভিতৰুৱা এক নিৰিবিলি পৰিৱেশৰ মাজত।
বুধবাৰে বিয়লিৰ ভাগত মাউতসহ গৰাকীয়ে নিবলৈ আহিছিল হাতীটো। হঠাতে হাতীটোৱে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে হাতীটোৰগৰাকী কেশৱ বৰাক।
ইতিমধ্যে কেশৱ বৰাক মৃত ঘোষণা কৰে চিকিৎসকে। আনজন গুৰুতৰ ভাৱে আহত জীতেন কৰ্মকাৰ নামৰ যুৱকজনক
যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আঘাতপ্ৰাপ্ত হাতীটোৰ মাউত বুমনি গগৈৰ চিকিৎসা দেৰগাঁৱৰ চিকিৎসালয়ত চলি আছে।

