১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰা এই বিশ্ব নাট্য দিৱসৰ উপলক্ষে আজি দেৰগাঁও অজিত শৰ্মা নাট্য বিদ্যালয়ে লৈছে বিশেষ পদক্ষেপ।
দেৰগাঁৱৰ তিনিটাকৈ স্থান, আফুৱা গাঁও, দক্ষিণ দলিজলিয়া আৰু ডানিচাপৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ অপূৰ্ব সৃষ্টি বুঢ়ী আই সাধুৰ কথাৰ আলমত “অৰণ্যৰ সাধু” শীৰ্ষক চোতাল নাট প্ৰদৰ্শন কৰে। নাট্য বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে এই চোতাল নাটত।
অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে; নাট্যকাৰ,পৰিচালক জয়ন্ত জিন ফুকনে।বিদ্যালয়ৰ প্ৰশিক্ষক অনাদি কুমাৰ বৰঠাকুৰ আৰু মামু নাথৰ পৰিকল্পনা আৰু পৰিচালনাৰে প্ৰদৰ্শিত চোতাল নাট চাবলৈ ভীৰ কৰিছে সকলো স্তৰৰ ৰাইজে।

