Breaking

বিৰোধীৰ তীব্ৰ আপত্তি সত্ত্বেও বৈধ হ’ল ভাঙৰ খেতি…

0 101

বহু দিনৰে পৰাই দেশ খনত ভাঙৰ খেতি বৈধ কৰাৰ বাবে অনেকে দাবী জনাই আহিছিল৷ এইবাৰ জাৰ্মানীত বৈধ হ’ল ভাঙৰ খেতি৷ বিৰোধীৰ তীব্ৰ আপত্তি সত্ত্বেও শুকুৰবাৰে জাৰ্মান সংসদে এপ্ৰিল মাহৰ পৰা ভাং আৰু নিয়ন্ত্ৰিতভাৱে ভাঙৰ খেতি কৰাটো বৈধ কৰাৰ সপক্ষে ভোটদান কৰে। নতুন আইনখনৰ অধীনত নিয়ন্ত্ৰিত ভাং খেতি সংস্থাৰ জৰিয়তে প্ৰতিদিনে ২৫ গ্ৰাম পৰ্যন্ত ব্যক্তিগত ব্যৱহাৰৰ বাবে লাভ কৰা সম্ভৱ হ’ব, লগতে ঘৰত তিনিটা পৰ্যন্ত গছ-গছনি থকাটো সম্ভৱ হ’ব। কিন্তু ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিৰ বাবে এই ড্ৰাগছ ৰখা আৰু ব্যৱহাৰ নিষিদ্ধ হৈ থাকিব। ভোটদানৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কাৰ্ল লাউটাৰবাকে সংসদৰ সদস্যসকলক বিতৰ্কিত আইনখনৰ সমৰ্থন কৰিবলৈ আহ্বান জনাই কয় যে “এতিয়া আমি যি পৰিস্থিতিত আছো সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়”।

উল্লেখ্য যে জাৰ্মানীত ক’লা বজাৰত পোৱা ভাং ব্যৱহাৰ কৰা যুৱকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে। বিৰোধী চিডিইউৰ ছিমন বৰচাৰ্ডে কয় যে নতুন আইনখনে যুৱক-যুৱতীসকলৰ স্বাস্থ্যৰ বিপদ বৃদ্ধিহে কৰিব। জাৰ্মানীৰ ৪৭ শতাংশই এই পৰিকল্পনাৰ পক্ষত আৰু ৪২ শতাংশই বিৰোধী।

Leave A Reply