Breaking

গাদীচ্যুত ইমৰাণ! পাকিস্তানৰ নেতৃত্ব ল’ব শ্বেহবাজ শ্বৰীফে…

0 2,036

শাসনৰ গাদীত থাকিও পলকতে ক্লীন বল্ড হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। মাজনিশা প্ৰায় মুহূৰ্তত আস্থাৰ ভোটত পৰাজয় লাভ কৰিলে ইমৰান খানে। তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ আবাস ত্যাগ কৰিলে ইমৰাণ খানে। গাদীচ্যুত ইমৰাণ খানে ইছলামাবাদ ত্যাগৰ পাছতে দেশখনৰ ৰাজনৈতিক ইতিহাসত এক নতুন পৃষ্ঠাৰ সংযোজন ঘটিল। আস্থাৰ ভোটত পৰাজিত হৈ গাদীচ্যুত হোৱা প্ৰথমজন পাক প্ৰধানমন্ত্ৰীত পৰিণত হৈছে ইমৰাণ খান। শনিবাৰে মাজনিশা উচ্চতম ন্যায়ালয় পালেগৈ আস্থাৰ ভোটৰ প্ৰসংগ। আস্থাৰ ভোটক বাধা দিবলৈ খান চৰকাৰে কৰা সকলো চেষ্টা ব্যৰ্থ হ’ল আৰু নিশা প্ৰায় ১২.৩০বজাত অনুষ্ঠিত আস্থাৰ ভোটত ইমৰাণ খানক ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল। ইমৰাণ খানৰ এই পৰিণতিৰ পাছত এতিয়া তেওঁ ভৱিষ্যতক লৈও সংশয়ৰ সৃষ্টি হৈছে। তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে বুলিও চৰ্চা চলিছে। 

উল্লেখ্য যে, ইমৰাণ খানৰ বিপক্ষে সংসদত ১৭৪গৰাকী সাংসদে ভোটদান কৰিছিল। আৰু তাৰ পাছতে ইমৰাণ খানৰ বিদায় অৱধাৰিত হৈ পৰে। ইফালে এতিয়া পাকিস্তান চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে শ্বেহবাজ শ্বৰীফ। বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে ২ বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।  শ্বেহবাজ শ্বৰীফ হৈছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। উল্লেখ্য যে, ইমৰাণ খানৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছৰে পৰাই শ্বেহবাজ খান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা চলি আহিছিল। আৰু এই চৰ্চাই সচাঁ হবলৈ গৈ আছে।

Leave A Reply