একুৰা জুয়ে শেষ কৰি পেলালে জামুগুৰিহাটৰ কেইজনমান উদ্যমী যুৱকৰ সকলো সপোন। জাহ গ’ল পাঞ্চজন্য!

চাকৰি কৰাৰ চিন্তা এৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’ব খোজা জামুগুৰিহাটৰ একাংশ যুৱকৰ সপোন আজি পূৱাই ভাঙি চূৰ-মাৰ হ’ল ৷ “পাঞ্চঁজন্য আত্ম সহায়ক” গোট নামদি এই সকল নিবনুৱা যুৱকে প্ৰায় বিশ বিঘা মাটি লিজত লৈ আৰম্ভ কৰিছিল কৃষি কৰ্ম ৷ গৰু,ছাগলী,হাহঁ,কুকুৰা পালনৰে স্বাবলম্বী হ’ব খোজা এই সকলৰ কৃষি ফ্ৰামখন আজি পূৱাই দপদপাই জ্বলি উঠে ৷ এই বিধ্বংসী জুইত নিমিষতে জাহ যায় ফ্ৰামখনত থকা হাহঁ,কুকুৰা,ছাগলীৰ লগতে টিভি,বৈদ্যুতিক মটৰকে ধৰি বিভিন্ন মূল্যৱান আচবাৱ ৷ পূৱা ১০ মান বজাত সংঘটিত এই বিধ্বংসী জুই নিৰ্ব্বাপনৰ বাৱে পাচত জামুগুৰি অগ্নি নিৰ্ব্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও ইতিমধ্যে ফ্ৰামখনৰ তিনিটা বৃহৎ ঘৰ সহ প্ৰায় ৮ লাখ টকাৰ সামগ্ৰী জ্বলি ছাইহৈ পৰে ৷ বৈদ্যুৎতিক চৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে গোটৰ সদস্য সকলে ৷

Related Articles