Breaking

উন্নয়ন আৰু বিকাশেই প্ৰধানমন্ত্ৰীৰ মূলমন্ত্ৰঃ হিমন্ত বিশ্ব শৰ্মা…

0 11

উন্নয়ন আৰু বিকাশেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুলমন্ত্ৰ,সপোন। প্ৰধানমন্ত্ৰীৰ সুনেতৃত্বত দেশে এখন উন্নত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবলৈ অহৰহ কৰ্ম কৰিছে। আমি যদি চন্দ্ৰ,নৰেন্দ্ৰ মোদী সূৰ্য। দেশৰ শাসনত পুনৰবাৰ নৰেন্দ্ৰ মোদীক অধিষ্ঠিত কৰাব লাগিব। অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ অংশ হিচাপে চাৰিশতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ ভেৰগাঁৱত আজি অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ বিশাল জনসমাৱেশক সম্বোধন কৰি এইদৰে কয়। ভেৰগাঁও খেল পথাৰত অনুষ্ঠিত বিশাল গণ সমাবেশত মুখ্যমন্ত্ৰীগৰাকীয়ে বেংবাৰীৰ পৰা টংলা-ভেৰগাঁও হৈ নাওঁকাটালৈ যোৱা ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ, বগামাটিৰ পৰা পথাৰনদী-খাগ্ৰাবাৰী-চেওনী হৈ ভেৰগাঁৱলৈ যোৱা পথ, কলাইগাঁও মহাবিদ্যালায় আৰু বিভিন্ন আঁচনিৰ শিলান্যাস কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে।

কেইবাকোটি টকাৰ প্ৰকল্প তথা বিভিন্ন অভিলাসী আঁচনিসমূহ অসমৰ মুখ্যমন্ত্ৰীগৰাকীগৰাকীয়ে বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া , বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য আৰু হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। শিলান্যাস কৰি আৰু বিশাল জনসভাত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে টংলাত উৰণীয়া সেঁতু, ভেৰগাঁও ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ লগতে যিটো দলে উন্নয়নৰ হকে অবিৰত কাম কৰে, দেশৰ দহৰ চিন্তা কৰে, মহিলা- পুৰুষ, স্বাস্থ্য, নিবনুৱা যুৱকৰ কথা চিন্তা কৰে সেই দলকহে ভোট প্ৰদান কৰা উচিত। পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় পানেৰী সমষ্টিয়ে এহেজাৰ কোটিতকৈ অধিক পুঁজি উন্নয়নমূলক প্ৰকল্পৰ বাবে লাভ কৰিছে। মোৰ বাবে মোৰ সমষ্টিবাসীৰ বাবে আনন্দৰ বিষয়। মোক নিৰ্বাচনৰ সময়ত চালানী মাছৰ কাম নাই বুলিহে উপলুঙা কৰিছিল। কিন্তু লোকেল মাছৰ অভাৱ হলে চালানী মাছে ভাল। য’ত চালানী মাছ ত’ত বিশ্বজিৎ দৈমাৰী খাছ। সাংসদ দিলীপ শইকীয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োই প্ৰধানমন্ত্ৰীৰ সুনেতৃত্বত দেশ তথা ৰাজ্য , বিটিআৰত উন্নয়নৰ ধল বৈছে। বিদ্যাল়য়, মহাবিদ্যালয়, স্বাস্থ্য খণ্ড, লাখপতি বাইদেউ, অৰুণোদয়, জল জীৱন মিছন, বাট পথ ইত্যাদি সকলো দিশতে বিকাশ যাত্ৰা হৈছে।

সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ডাউবাইছা বড়ো, দিগন্ত বৰুৱা,সঞ্জিত তাঁতী , কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো,পাৰিষদ দিলীপ কুমাৰ বড়ো ,দীপক মৌৰ, ভবেন্দ্ৰ বড়ো, অৰ্পণা মেধি, নিলোৎ স্বৰ্গীয়াৰী,শান্তিয়াছ কুজুৰ, সুনীল বসুমতাৰী, বড়ো কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ মিহিনিশ্বৰ বড়ো, ওদালগুৰি জিলা আয়ুক্ত ড: সাদনেক সিং, বিজেপি, ইউপিপি, অগপ দলৰ নেতা কৰ্মী উপস্থিত থাকে। জাতীয় সংগীতেৰে আৰম্ভ কৰা সাংবাদিক প্ৰফুল্ল কুমাৰ বড়ো আৰু অতিৰিক্ত জিলা আয়ুক্ত পল্লবী কছাৰী বিশাল জনসভাত ওদালগুৰি জিলাৰ ২৪ খন চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰলৈ ২৪ খন এম্বুলেন্স প্ৰদান কৰা লগতে ২০০৩ চনত ছহিদ হোৱা আদিবাসী পৰিয়ালক ৫ লক্ষ টকা আৰু আহতসকলক ১ লক্ষ্য টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
বড়ো,ৰাভা, বিহুনাচ, গোৰ্খা, ঝুমুৰ নৃত্য , আধুনিক, শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শনেৰে নৃত্য শিল্পীয়ে হাজাৰ হাজাৰ ৰাইজক আপ্লুত কৰে।

Leave A Reply