Development: উন্নয়নৰ খতিয়ানঃ উন্নয়ন হওক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰত

বৰ্তমান সময়ত সৰ্বত্ৰ কেৱল উন্নয়নৰ শ্ল’গান।(Development)বাটে-ঘাটে, বজাৰে-সমাৰে মানুহৰ মুখত কেৱল উন্নয়নৰ কথা। আনকি শাসকপক্ষৰ নেতা-পালি নেতাসকলৰ মুখত একেবাৰে পানী নসৰকাকৈ ঢাক-ঢোল বজাই থকা হয় কেৱল উন্নয়নৰ জয় গান। বিভিন্ন সভাই-সমিতিয়ে শাসকীয় পক্ষৰ যি উন্নয়নৰ জয় গান সেয়া শুনিলে সাধাৰণ দৃষ্টিত কোনে বাৰু নক’ব উন্নয়ন নাই হোৱা বুলি। কিন্তু সাধাৰণতে আমি যি উন্নয়নৰ ছবিখন দেখি আহিছো সেয়া সঁচা অৰ্থত উন্নয়ন বুলি মানি ল’ব পৰা যায়নে। হয়, উন্নয়ন হৈছে কিন্তু এই উন্নয়ন খাটিখোৱা সাধাৰণ জনতাৰ নহয়। এই উন্নয়ন হৈছে কেৱল পুঁজিপতি বণিয়াৰ। আৰু এই উন্নয়নে আমাৰ সমাজত দুটা বিপৰীতধৰ্মী শ্ৰেণীৰহে সাধাৰণতে সৃষ্টি কৰিছে। আৰু এই দুই শ্ৰেণীৰ মাজত ক্ৰমান্বয়ে সমন্বয়ৰো অভাৱ ঘটিবলৈ ধৰিছে। যিটো আমাৰ উন্নয়নৰ ক্ষেত্ৰত এক বৃহৎ বাধা হৈ উঠিছে। ৰাজনৈতিক নেতাসকলৰ মুখত আখৈ ফুটাদি ফুটা জয়গানৰ ছবিখনে পিছে আমাক এক ভয়াৱহ ইংগিতহে দিয়া যেন অনুভৱ হৈছে। তেওঁলোকে হয়তো ভাবিছে যে দৰিদ্ৰ জনতাক আঁচনিৰ নামত কেইটামান টকা, চাউল, সাধাৰণ এটি পঁজা আৰু বিভিন্ন আঁচনিৰ অন্তৰ্ভুক্ত কৰি হিতাধিকাৰী সজালেই উন্নয়ন। পিছে কোনোবা এজন হিতাধিকাৰীয়ে কেতিয়াবা কোৱা শুনিছেনে যে আমাক আৰু আঁচনিৰ প্ৰয়োজন নাই। আমাৰ এতিয়া একোৰে অভাৱ নাই। আমাৰ উন্নয়ন হৈছে। কিন্তু সেই ছবিখন আমি আজিও দেখা নাই অথবা কোনোদিন দেখিবলৈও হয়তো নাপাম। এয়া জানো উন্নয়ন ! চৰকাৰে প্ৰতিদিনে ঋণ লৈ আছে। এই ঋণে আমাৰ সাধাৰণ শ্ৰেণী লোকৰ ওপৰত এক বৃহৎ বোজা হৈ যে নপৰিব তাক নুই কৰিব নোৱাৰি। কৃষকৰ কৃষি ভূমিৰ ওপৰত এতিয়া পুঁজিপতি বণিয়াৰ বুলড’জাৰ, বৃহৎ বৃহৎ হাতুৰীৰ কোব। কৃষিভূমিৰ নিতৌ শ্ৰেণী পৰিৱৰ্তন হৈ আছে তাৰ ফলতে আজি নিতৌ সংকুচিত হৈ গৈ আছে আৰু ইয়াৰ ফলতে সংকুচিত হৈ গৈ আছে আমাৰ জীৱিকাৰ মূল সম্পদ কৃষিভূমি। এনেদৰে বহিৰাগত বণিয়াক মাতি আনি বৰপীৰা পাৰি দিলেই উন্নয়ন হৈ নাযায়। এদেও দুদেও লোটা নিয়াৰ ছেওৰে সাধাৰণ খাটিখোৱা জনতাৰ যে কোনো ধৰণৰ উন্নয়ন নহয় সেয়া আমি প্ৰতিদিনে অনুভৱ কৰি আহিছোঁ, দেখি আহিছোঁ। এই উন্নয়নে আমাৰ মাজত কেৱল দুটা শ্ৰেণীৰ মাজত সংঘাতৰহে সৃষ্টি কৰি আহিছে। এই দুই শ্ৰেণীৰ এটা খাটিখোৱা দুৰ্বল শ্ৰেণী আৰু আনটো পুঁজিপতি শ্ৰেণী। আৰু এই পুঁজিপতি শ্ৰেণীটোৱেহে উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি আহিছে। সেয়ে দিনে দিনে পুঁজিপতি শ্ৰেণীৰ দপদপনিত থৰকাছুটি হেৰুৱাব লগা হৈছে সাধাৰণ দুৰ্বল শ্ৰেণীটো। আমি জানো সমউন্নয়নৰ কথা ভাবিছো কেতিয়াবা। নাই ভবা। কাৰণ পুঁজিপতিসকলৰ ওপৰতেই নিৰ্ভৰশীল আমাৰ শাসকগোষ্ঠী। এয়াই সত্য। আমি দেখিছো আমাৰ চহৰ-নগৰ, মহানগৰীত নিতৌ গঢ়ি উঠিছে বৃহৎ বৃহৎ সু-উচ্চ অট্টালিকা, ৰাস্তা-ঘাট, ব্যক্তিগত খণ্ডৰ ব্যয়-বহুল, আটকধুনীয়া শিক্ষানুষ্ঠান, গঢ়ি উঠিছে বৃহৎ বৃহৎ শ্বপিং মল, বাৰ-ৰেষ্টুৰেণ্ট। আকৌ বৰ্তমান সময়ত যেন এক জোৱাৰৰহে সৃষ্টি হৈছে উৰণ সেতু নিৰ্মাণৰ প্ৰতিযোগিতাই। এয়া নিশ্চয় দেশৰ উন্নয়নৰ এক ছবি। কিন্তু এই উন্নয়নৰ এই সু-ফল সমাজৰ সকলোৱে জানো উপভোগ কৰিব পাৰিছে ? এবাৰ ভালদৰে অনুভৱ কৰকচোন, দেখিব জনসাধাৰণৰ উন্নয়নৰ দোহাই দিয়েই অসমৰ বিভিন্ন ঠাইত কেতিয়াবা সাধাৰণ লোকক নিৰ্বিচাৰ উচ্ছেদ কৰি সেই মাটি দিয়া হৈছে পুঁজিপতি বণিয়াক। যাৰ ফলত আজি বিভিন্ন ঠাইত সাধাৰণ মানুহ আৰু চৰকাৰী পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছে, নানা দুৰ্দশাৰ বলি হৈছে এইসকল দুখীয়া কৃষক-মজদুৰ-বনুৱা। কিন্তু সেইসকলৰ আৰ্তনাদ শুনে কোনে। সাধাৰণ লোকৰ প্ৰতিবাদ নেওচি বৃহৎ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা হয় উন্নয়নৰ দোহাই দি। কিন্তু যেতিয়া এই বান্ধত কেতিয়াবা দুৰ্যোগ সৃষ্টি হয় অথবা এই বান্ধৰ পানী এৰি দিয়া হয় তেতিয়া আটাইতকৈ ক্ষতিগ্ৰস্ত হয় খাটিখোৱা দুৰ্বল মানুহখিনি। সেইদৰে উনয়নৰ নামত পথ বহল কৰাৰ নামত, পথ নিৰ্মাণৰ নামত, উৰণ সেতু নিৰ্মাণৰ নামত যেতিয়া সাধাৰণ শ্ৰেণীৰ লোকসকলক উচ্ছেদ কৰা হয় তেতিয়া তেওঁলোকৰ দুখৰ কথা ভাবিবলৈ কাৰো আহৰি নাই। উদ্যোগ, কাৰখানা, শ্বপিং মল আদি স্থাপন-নিৰ্মাণৰ নামত দুৰ্বল শ্ৰেণীটোৰেই আটাইতকে ক্ষতি বেছি হয়। কাৰণ সেইসকল লোকক উচ্ছেদ কৰিলেহে পুঁজিপতিসকলে সেই স্থানসমূহত বৃহৎ বৃহৎ ইমাৰতবোৰ নিৰ্মাণ কৰি তেওঁলোকৰ ব্যৱসায়ৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে সমাজৰ দুৰ্বল শ্ৰেণীটোৱে তেওঁলোকক কৰা উচ্ছেদৰ দুখ-যান্ত্ৰণা সহিবলগীয়া হয়। দুদিনমান হয়তো এই খাটিখোৱা লোকসকলৰ কাষত থিয় দিব কোনোবা কিন্তু দুদিনৰ পিছত সেই লোকসকলৰ দুখৰ বোজাটো কিছু হ’লেও কম কৰিবলৈ কাষত কোনো থিয় নহয়হি। মাত্ৰ সেই দুৰ্বল মানুহখিনিয়ে কেতিয়াবা আহি তেওঁলোকক উচ্ছেদ কৰি বনোৱা সু-উচ্চ ইমাৰতৰ তলত থিয় হৈ এটা দীঘল হুমুনিয়াহ কাঢ়ি কোনেও নেদেখাকৈ চকুলো নিগৰায়। হয়তো তেওঁলোকৰ মুখৰ পৰা হুমুনিয়াহৰ লগতে অস্পষ্টভাৱে ওলাই আহে- ইয়াতে এদিন আছিল মোৰ সৰু পঁজাটো, সুখৰ সংসাৰখন…। এনেদৰেই আজি উন্নয়নৰ নামত এচাম লোকৰ সপোনবোৰ নিঃশেষ হৈ গৈছে, গছ-গছনি, জলাশয় আদি নিঃচিহ্ণ হৈ গৈ আছে। ফলত পৰিৱেশতন্ত্ৰৰ ওপৰতো পৰিছে ব্যাপক নেতিবাচক প্ৰভাৱ। প্ৰভাৱ পৰিছে সামাজিক বোধ-চেতনাৰ ওপৰতো। ফলত অপৰাধপ্ৰৱণতাই সমাজত গা কৰি উঠিছে। হিংসাৰ প্ৰৱণতাও বৃদ্ধি হৈ গৈ আছে। যদি আজি আমি দেখি থকা উন্নয়নে আমাৰ সমাজখনত বিচ্ছৃংখলতাৰ সৃষ্টিহে কৰিবলৈ হয় তেনে নিশ্চয় এই উন্নয়ন সঠিক উন্নয়ন হ’ব নোৱাৰে। যদি উন্নয়নে মানুহৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, নৈতিকভাৱে মানুহক কৰি গঢ়ি তুলিবই নোৱাৰে তেনেহ’লে সঁচা অৰ্থত আমি জানো উন্নত আৰু উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰিছো ? হয়তো নিশ্চয় পৰা নাই। আজি উন্নয়নৰ নামত একাংশৰ নৈতিকতাৰ ভয়াৱহভাৱে স্খলন ঘটিছে। উন্নয়নৰ চাকনৈয়াত পৰি এচামে আৰ্থিক দুৰ্নীতি-লুণ্ঠন আনকি যৌনতাকো সুলভ কৰি তুলিছে। উন্নয়নৰ বাহ্যিক সুন্দৰ ছবিখনৰ মাজত যেন সেইসকল স্থিৰে থাকিব পৰা নাই। কাৰণ উন্নয়নৰ লগত খাপ খাবলৈ হ’লে তেওঁলোকে দৰিদ্ৰতাৰ বোকাৰ পৰা উঠি আহি ৰঙীণ পৃথিৱীত সমানে খোজ দিব বিচাৰে। কিন্তু বাহ্যিকতাৰ ধামখুমীয়াত পৰি তেওঁলোকৰ জীৱন সোমাই পৰে অন্ধকাৰ গহ্বৰত। য’ৰ পৰা তেওঁলোক ওলাই অহাটো কেতিয়াও সম্ভৱ নহয়।
এই লেখাটোত যিখিনি কোৱা হ’ল তাৰ অৰ্থ এইটো নহয় যে আমি ৰাজ্যৰ উন্নয়ন দেখা নাই অথবা উন্নয়ন বিচৰা নাই। উন্নয়ন হৈছে কিন্তু কথা হ’ল যি উন্নয়নে সমাজত শ্ৰেণী বিভাজন সৃষ্টি কৰে, যি উন্নয়নৰ ফলত এচাম লোক ধনীৰ পৰা ধনী হৈ গৈ আছে আৰু এচাম গৃহহীন হৈ পৰিছে তেনে উন্নয়নে দেশৰ মংগল সাধন কৰিব পাৰিবনে ? উন্নয়ন হওক জনসাধাৰণৰ স্বাৰ্থত, একমাত্ৰ ৰজাঘৰৰ স্বাৰ্থত নহয়। তেনে উন্নয়নে ৰাইজৰ হিত সাধন নকৰে। বৰং বৈষম্যৰ, প্ৰতিহিংসাৰ, উচ্ছৃংখল সমাজৰহে সৃষ্টি কৰে। উন্নয়নে যেনেদৰে ধনী শ্ৰেণীটোৰহে উন্নতিত অৰিহণা যোগাইছে, ঠিক তেনেদৰে সমাজৰ দুৰ্বল, দুখীয়া শ্ৰেণীটোৰো উন্নতিত প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগিব। তেতিয়াহে সঁচা অৰ্থত উন্নয়ন হ’ব। নহ’লে উন্নয়ন কেৱল এটা শ্ল’গান হৈয়ে থাকিব। উন্নয়ন হওক শিক্ষাত, উন্নয়ন হওক আমাৰ নৈতিকতাৰ, উন্নয়ন হওক শ্ৰেণী বৈষম্যৰ, উন্নয়ন হওক পথভ্ৰষ্ট লোকসকলৰ। উন্নয়ন লাগে সামাজিক, সাংস্কৃতিক, বৌদ্ধিক জীৱনৰ।

লেখকঃ ভূপেন মহন্ত

Related Articles