নীলবাগান গাওঁ পঞ্চায়তত উন্নয়ন মূলক কাম পৰিদৰ্শন খণ্ড উন্নয়ন বিষয়াৰ

হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলবাগান গাওঁ পঞ্চায়তৰ উন্নয়নমূলক কাম কাজ পৰিদৰ্শন কৰে খণ্ড উন্নয়ন বিষয়াই। বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদে কালি বিয়লি নীলবাগান গাওঁ পঞ্চায়তত চলি থকা এমজি এনৰেগাৰ কাম কাজবোৰ পৰিদৰ্শন কৰে। নীলবাগান গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম আৰু কনিষ্ট অভিযন্তাক লগত লৈ গাঁও পঞ্চায়ত খনৰ মীন মহল নিৰ্মান আৰু খেল পথাৰৰ মাটি কামৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে খণ্ড উন্নয়ন বিষয়াজনে। পৰিদৰ্শন কালত বিষয়াজনে চলিত বৰ্ষত পঞ্চায়ত খনত শিশু উদ্যান গঢ়ি তোলা হব বুলি জানিবলৈ দিয়ে । আনহাতে এমজি এনৰেগা আৰু চতুৰ্থদশ বিত্তীয় আয়োগৰ ধন সুচাৰুৰূপে ব্যৱহাৰ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক নিৰ্দেশ দিয়ে। নীলবাগান মীন মহলৰ চাৰিওকাষে গছ পুলি ৰোপন কৰি এক ধূনীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে পৰামৰ্শ আগবঢ়ায় খণ্ড উন্নয়ন বিষয়াজনে।

Related Articles