দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল: ঢকুৱাখনাৰ সংবাদ কৰ্মী আৰু সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ড ঢকুৱাখনাই(Dhakuakhana Press Guild) গতিপথত ২৩টা বর্ষত প্ৰদাৰ্পণ কৰিলে। ঢকুৱাখনা উপ-জিলাখনৰ সাংবাদিকসকলৰ এক উল্লেখযোগ্য অনুস্থান ঢকুৱাখনা প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠা দিৱস(Foundation Day) বুধবাৰে অনুষ্ঠিত হয়।

ঢকুৱাখনা প্ৰেছ গীল্ডৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯বজাত গীল্ডৰ পতাকা উত্তোলন কৰে গীল্ডৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক তোলন চন্দ্ৰ দত্তই। পতাকা উত্তোলন কৰি দত্তই কয় যে ঢকুৱাখনা প্ৰেছ গীল্ডে উপ-জিলাখনৰ আৰ্থ সামাজিক সাংস্কৃতিক আদি দিশ জনসাধাৰণৰ ওচৰত দাঙি ধৰি সাংবাদিকতাৰ বৃত্তি সঠিকভাৱে পালন কৰি আহিছে।
এই ক্ষেত্ৰত ঢকুৱাখনা প্ৰেছ গীল্ডৰ সমুহ সদস্য ধন্যবাদৰ পাত্ৰ। পতাকা উত্তোলন কাৰ্য্যসূচীৰ পিছতে প্ৰেছ গীল্ডৰ প্ৰাক্তন সভাপতি দুলেন চমুৱাই স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰি প্ৰেছ গীল্ডৰ প্ৰয়াত সদস্যসকলৰ উপৰি অসমৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা মহান পুণ্যত্মাসকলক স্মৰণ কৰে।

এই স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰা, বিপুল গগৈ, হেমন্ত কুমাৰ বৰুৱা, ৰাজীৱ বৰুৱা, পুলকজ্যোতি বৰা, পাপু বৰুৱা, প্ৰতাপ দত্তৰ লগতে প্ৰেছ গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তই।
দুপৰীয়া গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা সভাত অৱসৰী শিক্ষাবিদ পদ্মা বৰা দাস, জ্যেষ্ঠ নাগৰিক লালিত্য কুমাৰ দাস, বিশিষ্ট নাট্যসাধক নন্দ চুতীয়া, জ্যেষ্ঠ নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তৰুণ চন্দ্ৰ পাতিৰ, মানস নেওগ, প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, প্ৰাক্তন সভাপতি দুলেন চমুৱাকে প্ৰমুখ্যে কৰি গৰিষ্ঠসংখ্যক অভ্যাগত অতিথি উপস্থিত থাকি বক্তব্য আগবঢ়োৱা জনাকীৰ্ণ সভা যোগানন্দ সূতৰ উদ্বোধনী ভাষনেৰে উদ্বোধন কৰা হয়।

ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতন(Sankardev Shishu Niketan) আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ(Amguri Primary School) শিশু শিক্ষাৰ্থীসকলৰ শ্ৰুতিমধুৰ গানেৰে সভাখনৰ গাম্ভীৰ্যতা দুগুণ বৃদ্ধি কৰে।
সভাত প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, প্ৰবীণ শিক্ষাবিদ প্ৰেছ গীল্ডৰ শুভাকাংক্ষী তৰুণ পাতিৰ, নাট্যকৰ্মী নন্দ চুতীয়া, প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, সম্পাদক অমৃত পৱন বৰা আৰু কিছু সংখ্যক সংবাদকৰ্মীক স্মাৰকসহ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।(Lakhimpur)
ইয়াৰ পাছতে গীল্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া কাৰ্যলয়ৰ চৌহদত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ন পাছতে ঢকুৱাখনা নগৰৰ গান্ধী মৌদানৰ প্ৰাংগনত বিশিষ্ট, জ্যেষ্ঠ ব্যক্তি, কবি-গীতিকাৰসকলৰ উপস্থিতিত এক শব্দ আৰু সুৰৰ এসন্ধ্যা অনুষ্ঠানৰ পাছেত সামৰণি পৰে প্ৰতিষ্ঠা দিৱসৰ৷