ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন নৈ ,বিল, খাল ,জলাশয় আদিত থলুৱা প্ৰজাতিৰ মাছ ধৰা ,

মাছ মৰা ,বিক্ৰী আৰু সৰবৰাহ আদি সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰিছে মহকুমা প্ৰশাসনে ।

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা জিলা অতিৰিক্ত কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই বৃহস্পতিবাৰে ডি এম জে-২-২০১৭/ ২৬৪ নং এক নিৰ্দেশনা যোগে সমগ্ৰ মহকুমাটোত ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।