Breaking

হাজোৰ ন-বোৱাৰী হত্যাকাণ্ডৰ তদন্তৰ দাবীত ধৰ্ণা

0 2,276

 ন- বোৱাৰী কংকনা মজুমদাৰৰ ৰহস্যজনক আত্মহত্যাৰ তদন্ত বিছাৰি আজি এক উত্তাল ধৰ্না প্ৰতিবাদ সাব্যস্ত কৰে হাজো আঞ্চলিক ছাত্র সন্থাই ।ধৰ্না প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হাজো আঞ্চলিক ছাত্র সন্থাৰ লগতে ওলাই আহিল ৰামদিয়াৰ স্হানীয় ৰাইজ।কংকনা মজুমদাৰৰ ৰহস্যজনক আত্মহত্যাৰ ৩৮ দিন উকলি যোৱাৰ পিছতো কংকনা মজুমদাৰৰ স্বামীক আজি পয্যন্ত আটক  নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা। সেয়েহে আজি পুৱাৰ ভাগত কংকনা মজুমদাৰৰ হত্যা কাৰিক শীঘ্ৰে আটক কৰি প্ৰথম শ্ৰেণীৰ আদলতত বিচাৰ কৰি দোষীক শাস্তি বিহাৰ দাবীত হাজো আঞ্চলিক ছাত্র সন্থা তথা  একাংশ স্থানীয় লোকে সাতদলাস্থিত পেট্ৰল পাম্পৰ পৰা হাজো ৰাজহ চক্ৰৰ কাৰ্যলয়লৈ এক ধৰ্না প্ৰতিবাদী সমদল উলিয়াই ।প্ৰতিবাদী সকলে হাতে  হাতে প্লেকাৰ্ড লৈ কংকনা মজুমদাৰৰ ৰহস্যজনক আত্মহত্যাৰ উচিত তদন্ত লাগে, দোষীক কৰায়ত্ত কৰক,হত্যাকাৰীক ফাচি দিয়ক ,অসম চৰকাৰ হায় হায় ,আৰক্ষী প্ৰশাসন মূৰ্দাবাদ ,নাৰী নিৰ্যাতন বন্ধ কৰক ,চি বি আইক তদন্ত দিয়ক আদি ধ্বনিৰে হাজো গুৱাহাটী গড়কাপ্তানি পথ আধা ঘন্টা সময় ধৰি উত্তাল কৰি তোলে ।উল্লেখ্য যে বিগত আঠ মাহ পূৰ্বে হাজোৰ অভয়পুৰৰ দ্বীপেন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰামদিয়াৰ উজানকুড়িৰ কংকনা মজুমদাৰ। কৰ্ম সূত্ৰে স্বামী দ্বীপেন দাসৰ সৈতে লামডিঙত আছিল কংকনা মজুমদাৰ।কিন্তু যোৱা ১৩ অক্টোবৰত ৰহস্যজনকভাৱে লামডিঙৰ হাতীআলী ৰেলৱেৰ কোৱাটাৰত উদ্ধাৰ হৈছিল বোৱাৰী কংকনা মজুমদাৰৰ মৃতদেহ ।তাৰেই পৰিপ্ৰেক্ষিতত ঘটনাৰ উচিত তদন্ত বিছাৰি দোষীক কৰায়ত্ত্ব কৰি প্ৰথম শ্ৰেণীৰ আদলতত বিচাৰ প্ৰক্ৰিয়াৰে কঠোৰ শাস্তি বিহাৰ দাবীত হাজো আছুৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। অৱশ্যে এইক্ষেত্ৰত অনাগত সময়ত আৰক্ষী প্ৰশাষনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় বিষয় হ’ব।

Leave A Reply