Breaking

ধেমাজি আম্বেদকাৰ ভৱনত ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত, কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

0 1,593

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অনুসূচিত জাতিৰ শিক্ষাৰ্থীসকলক ধেমাজিস্থিত আম্বেদকাৰ ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনায়।

ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অনুসূচিত জাতিৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হোৱা মুঠ ৫০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । কৈৱৰ্ত সন্মিলনৰ সদস্য ৰিতুপৰ্ন দাসে আঁত ধৰা অনুষ্ঠানটিত জিলা সমিতিৰ সভাপতি পৰমা দাস , সাধাৰণ সম্পাদক অৰবিন্দ দাস, উপদেষ্টা গোবিন্দ দাস, তুলসীবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমল চন্দ্ৰ দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি ডা০হৰিকান্ত দাসৰ লগতে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

ধেমাজি চিলাপথাৰৰ পৰা বিকাশ শইকীয়াৰ প্ৰতিবেদন

Leave A Reply