Dhing news: ধিং বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰঃ কংগ্ৰেছত ২৭ জনৰ আবেদন, বিজেপি-এজিপিতো তীব্ৰ প্ৰতিযোগিতা

আগন্তুক (Dhing news) অসম বিধান সভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে, সিমানেই নগাঁও জিলাৰ নৱগঠিত ৫৫ নং ধিং বিধান সভা সমষ্টিত প্ৰাক নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ২০০৬ চনৰ পৰা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফ ৰ দখলত থকা এই সংখ্যালঘু অধ্যুষিত সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখা গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলত পুৰুষ-মহিলা মিলাই ২৭ গৰাকীৰ আবেদন জমা হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ৰাইজৰ দলতো সাম্ভাব্য প্ৰাৰ্থীৰ নাম চৰ্চাত। সমষ্টিটোৰ মুল জলন্ত সমস্যা যেনে বানপানী, গৰাখহনীয়া আৰু যাতায়তৰ সমাধানক লৈ ভোটাৰসকল সচেতন হৈ উঠিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ধিং সমষ্টিত প্ৰাৰ্থীত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আবেদন জমা দিয়া প্ৰত্যাশীৰ সংখ্যা ২৭লৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা তথা প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ বৰাৰ একমাত্ৰ তনয়া শিৱামণি বৰা, লাহৰিঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত আবুল কাচেমৰ সুযোগ্য পুত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এন এছ ইউ আই ৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দলৰ মুখপাত্ৰ মহচিন খান, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আনোৱাৰা চুলতানা বেগম, নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ৰাইহান উদ্দিন চৌধুৰী, জিয়াউল ইছলাম সদাগৰ, মনোৱাৰ হুছেইন ফাৰুকী, ছৈয়দুৰ ৰহমান ওৰফে পাপু,লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী, অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক এমদাদুল্লা আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ পি আৰ এছৰ সম্পাদক ছোৰহাৱ উদ্দিন, অসম প্ৰদেশ কংগ্ৰেছ প্ৰফেচনেল বিভাগৰ সভাপতি তথা ধিং সমজিলা দাবী উন্নয়ন সমিতিৰ সভাপতি ৰিমজিম বৰা, ড০ হাৰুণ আহমেদ আৰু ডাঃ আফ্ৰোজা আনচাৰী আদি উল্লেখযোগ্য। কংগ্ৰেছে ধিং সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী কৰি ভোটাৰৰ সৈতে যোগাযোগ বঢ়াইছে, য’ত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে পঞ্চায়ত পৰ্যায়ত প্ৰচাৰ চলাইছে। ভাৰতীয় জনতা পাৰ্টিৰ পৰা ধিং সমষ্টিত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, ইদ্ৰিছ আলী, অমৰজ্যোতি গোস্বামী, অমৃত চন্দ্ৰ দেউৰী, মোস্তফা কামাল, চাকিল আহমেদ,খাদিম আলী, গোপাল নাথাকে আদি কৰি ৯ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম কৰ্মীসকলৰ মুখত উচ্চাৰিত হৈছে। অসম গণ পৰিষদৰ পৰা পাৰবিনা চুলতানাৰ নাম সমষ্টিৰ ঠায়ে-ঠায়ে চৰ্চাত আছে। বিজেপি আৰু অগপয়ে সংখ্যাগুৰু ভোটাৰ থকা পঞ্চায়ত সমূহত প্ৰাক নিৰ্বাচনী তৎপৰতা চলাইছে, য’ত উন্নয়নক লৈ প্ৰচাৰ কৰা হৈছে। ৰাইজৰ দলৰ সাংগঠনিক ভেটি ধিং সমষ্টিত শক্তিশালী বুলি দলৰ একাংশ কৰ্মীয়ে জানিব দিছে। য’ত প্ৰায় সমষ্টিটোৰ অধিকাংশ পঞ্চায়তে পঞ্চায়তে দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰৰ নাম সবলভাৱে উচ্চাৰিত হৈছে।

এ আই ইউ ডি এফৰ কৰ্মীসকলৰ মাজত নগাঁও জিলা সমিতিৰ সভাপতি তথা সংখ্যালঘুৰ বিভিন্ন সমস্যাত দীৰ্ঘদিন ধৰি মাত মাতি অহা মতিউৰ ৰহমানৰ নাম চৰ্চাত আছে যদিও সমষ্টিটোৰ ঠায়ে -ঠায়ে অধিবক্তা বদৰুদ্যোজ্জা চৌধুৰী নাম একাংশ কৰ্মীৰ মুখত উচ্চাৰিত হৈছে।নৱগঠিত ধিং বিধান সভা সমষ্টিটো ৪ খন জিলা পৰিষদ, ২৫ খন গাঁও পঞ্চায়ত আৰু এখন নগৰ সমিতিৰে গঠিত। সমষ্টিটোত আনুমানিক ২,২০,৪৭৭ গৰাকী ভোটাৰ আছে, য’ত অধিকাংশ সংখ্যালঘু সম্প্ৰদায়ৰ। ১৯৫৭ চনত গঠিত এই সমষ্টিত অধিকাংশ সময় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়ক আছিল যদিও বানপানী, গৰাখহনীয়া আৰু যাতায়ত আদি মুল সমস্যাৰ আজিলৈকে সমাধান হোৱা নাই। ভোটাৰসকলে এইবোৰক লৈ প্ৰাৰ্থীৰ পৰা নিশ্চয়তা বিচাৰিছে। সামগ্ৰিক পৰিস্থিতিত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু ৰাইজৰ দলে প্ৰাক নিৰ্বাচনী তৎপৰতা চলোৱাৰ বিপৰীতে বিজেপি আৰু অগপৰ কৰ্মীসকল সক্ৰিয় হৈ উঠিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জানুৱাৰী মাহৰ পৰা ৭৫০খন আবেদন লাভ কৰিছে, য’ত ধিং সমষ্টিত সৰ্বাধিক ২৭খন। সমষ্টিটোত প্ৰতিযোগিতা তীব্ৰ হোৱাৰ লগতে মহিলা আৰু যুৱ প্ৰত্যাশীৰ সংখ্যা বৃদ্ধি পাইছে। ধিং সমষ্টিত নিৰ্বাচনী যুঁজ এইবাৰ অধিক আকৰ্ষণীয় হ’ব বুলি সমষ্টিটোৰ ৰাজনৈতিক সচেতন মহলে ধাৰণা কৰিছে।

আনোৱাৰ হুছেইন (কংগ্ৰেছ)

শিৱামণি বৰা ( কংগ্ৰেছ)

হাইদৰ আলী ( কংগ্ৰেছ)

মহচিন খান ( কংগ্ৰেছ)

ৰাইহান চৌধুৰী

মনোৱাৰ হুছেইন ফাৰুকী।

মেহেবুব মুক্তাৰ ( ৰাইজৰ দল)

মতিউৰ ৰহমান ( এ আই ইউ ডি এফ)

গৌতম বৰা ( বিজেপি)

গোপাল নাথ ( বিজেপি)

অমৰজ্যোতি গোস্বামী ( বিজেপি)

Related Articles