Breaking

ধিঙৰ সৃষ্টিনন্দা কাশ্যপে নৱম আৰু উদিতি দাসে দশম স্থান দখল কৰিবলৈ সক্ষম

0 210

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধিং খ্ৰীষ্ট জ্যোতি স্কুলৰ পৰা দুগৰাকীকৈ ছাত্ৰীয়ে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ সৃষ্টিনন্দা কাশ্যপে নৱম আৰু উদিতি দাসে দশম স্থান দখল কৰিবলৈ সক্ষম হয়৷ সৃষ্টি নন্দা কাশ্যপে মুঠ ৫৮৯ নম্বৰ লাভ কৰে৷ ধিং থানা ৰোডৰ নিবাসী মৃগাংক শইকীয়া আৰু ৰুঞ্জুন শইকীয়াৰ সন্তান সৃষ্টি নন্দা কাশ্যপ৷ পিতৃ মৃগাঙ্ক শইকীয়া নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক৷ভবিষ্যতে এজন সু চিকিৎসক হোৱাৰ আশা মনতে পুহি ৰখা সৃষ্টিয়ে নিতৌ ৮ ঘণ্টাকৈ পঢ়ি আজৰি সময়ত ছবি অকাৰ লগতে নৃত্য কৰি ভাল পাইছিল৷তদুপৰি মবাইল ছাইয়ো আনুসাংগিক জ্ঞান আহৰন কৰিচিল৷তেওঁ বিজ্ঞান ,গণিত আৰু advanced ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷তেওঁ অসমীয়া বিষটো আইতাকে দেখুৱাই দিছিল৷ৰাতি সোনকালেই শুই দিছিল৷এই সফলতাৰ বাবে পিতৃ মাতৃৰ লগতে শিক্ষক সকলক ধন্যবাদ জনায়৷

আনহাতে দশম স্থান লাভ কৰা অডিতি দাসেও ৷তেওঁ লাভ কৰে মুঠ ৫৮৮ নম্বৰ৷ভবিষ্যতে এজন ভাল প্ৰেডিটিচিয়ান কৰি গঢ়ি তোলাৰ আশা মনতে পুহি ৰাখিছে৷নিতৌ ৯ ঘণ্টাকৈ পঢ়া অডিটিয়ে আজৰি সময়ত ছবি আকি সময় পাৰ কৰিছিল৷ধিং তলিবৰ পাৰৰ উজ্জয়ন্ত দাস আৰু বিপাশা দাসৰ সন্তান৷তেওঁৰ পিতৃ ধিং মহাবিদ্যালয়ৰ প্ৰবাক্তা৷গণিত আৰু বিজ্ঞানত ঘৰুৱা টিউচন লৈছিল৷

Leave A Reply