ডিজিটেল ডেস্কঃ Dhoni’s application to trademark ‘Captain Cool’ ‘কেপ্টেইন কুল’—এই শব্দটোৱে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অনুৰাগীসকলে বহুদিন ধৰি এই নামত সম্বোধন কৰি আহিছে। শান্ত, সংযমী আৰু বুদ্ধিমান নেতৃত্বৰ বাবে তেওঁ এই উপাধি লাভ কৰে। এইবাৰ ধোনীয়ে সেই প্ৰিয় নামটো লৈ আইনী সুৰক্ষা বিচাৰিছে।
ধোনীয়ে ‘কেপ্টেইন কুল’ নামটো ট্ৰেডমাৰ্ক হিচাপে ৰেজিষ্টাৰ কৰিবলৈ আবেদন দিছে। এই নামৰ ব্যৱহাৰ ক্ৰীড়া সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত যেন বিশেষভাৱে সংৰক্ষিত থাকে—সেই উদ্দেশ্যে ধোনীৰ আইনি ব্যৱস্থা দ্বাৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। বিশেষকৈ ক্ৰীড়া প্রশিক্ষণ, ট্ৰেনিং আৰু কোচিং সংস্থাসমূহত এই নাম ব্যৱহাৰৰ অধিকাৰ ধোনীয়ে নিজৰ হাতত ৰাখিব বিচাৰে।
১৬ জুন, ২০২৫ তাৰিখে ভাৰত চৰকাৰৰ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰি প’ৰ্টেলত ‘কেপ্টেইন কুল’ নামটোৰ ট্ৰেডমাৰ্ক স্বীকৃতি দিয়াৰ বাবে ধোনীৰ আবেদন গৃহীত হয়। সেই অনুসৰি, নামটো বৰ্তমানে চৰকাৰীভাৱে প্ৰকাশিত হৈছে ‘ট্ৰেডমাৰ্ক জাৰ্নেল’ত। এতিয়া নিয়ম অনুসৰি, অনাগত চাৰি মাহ সময়ছোৱাত যদি কোনোৱে এই নামৰ ট্ৰেডমাৰ্কক লৈ প্ৰত্যাহ্বান নজনায়, তেনেহ’লে ধোনীয়ে ‘কেপ্টেইন কুল’ নামটোৰ সম্পূৰ্ণ ট্ৰেডমাৰ্ক স্বত্ব লাভ কৰিব।
এই বিষয়ে ধোনীৰ আইনজীৱী মানসী আগৰৱালাই সংবাদমাধ্যমক জনোৱা অনুসৰি, এই ট্ৰেডমাৰ্ক লাভৰ প্ৰক্ৰিয়াটো একেবাৰে সহজ নাছিল। প্ৰাৰম্ভিক অৱস্থাত আবেদনখনৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰা হৈছিল। আপত্তিৰ কাৰণ আছিল—এই নাম ব্যৱহাৰে সাধাৰণ লোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে বুলি শংকা। কিন্তু পিছত ধোনীৰ জনপ্ৰিয়তা, বিশেষকৈ দেশ-বিদেশৰ অনুৰাগীসকলৰ মাজত ‘কেপ্টেইন কুল’ নামেৰে পৰিচিত হোৱাৰ বিষয়টোৰ ভিত্তিত সেই আপত্তি উঠাই লোৱা হয়।
মানসী আগৰৱালাই কয়—“ধোনীক কেৱল ভাৰততে নহয়, বিদেশতো ‘কেপ্টেইন কুল’ বুলি চিনা যায়। এনে এটা জনপ্ৰিয় নামে লোকৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব বুলি আমি নিশ্চিত।”
এই সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ সফল পূৰ্ণতা পালে, অহা অক্টোবৰ মাহত ধোনীয়ে ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেচনৰ সুখবৰ লাভ কৰিব পাৰে। তেতিয়া আন কোনো ব্যক্তিয়ে বা প্ৰতিষ্ঠানে ধোনীৰ অনুমতি নোলোৱাকৈ ‘কেপ্টেইন কুল’ নাম ব্যৱহাৰ কৰিব নোৱাৰিব।
এই পদক্ষেপৰ জৰিয়তে ধোনীয়ে নিজৰ ব্যক্তি-ব্ৰেণ্ডক অধিক সুদৃঢ় কৰাৰ দিশে অগ্ৰগতি কৰিছে বুলি ক্ৰীড়া মহলৰ অভিমত।