Breaking

মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য

0 14

মনত অদম্য ইচ্ছাশক্তি থাকিলে যে সকলো কাম কৰিব পাৰি তাৰেই এক উদাহৰণ হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে ৷জন্মগতভাৱেই মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এইগৰাকী কিশোৰীৰ নাম ধৃতি কংকনা শইকীয়া৷জগত শইকীয়া আৰু জিনুমণি শইকীয়াৰ জীয়ৰি এইগৰাকী মেধাৱী কিশোৰীয়ে মনৰ অদম্য হেপাহ আৰু আত্মবিশ্বাসৰ বাবেই বিগত সময়তো নৃত্য প্ৰদৰ্শণ কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ এগৰাকী নৃত্য শিল্পী হিচাপে সকলোৰে বাবে পৰিচিত ধৃতি কংকনাই সদ্যঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলতো সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে ৷ নৃত্য,ছবি অঁকা আদি বিষয়ত পাৰ্গত এইগৰাকী ছাত্ৰীয়ে কাণৰে নুশুনা বা মুখৰে কথা ক’ব বা সুধিব নোৱাৰা স্বত্ত্বেও সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা জামুগুৰিহাটৰে নদুৱাৰ জাতীয় বিদ্যালয়ত সেইসকল ছাত্ৰ ছাত্ৰীৰ লগতেই একেলগে অধ্যয়ন কৰি বিভিন্ন বাধা বিঘিনিকো নেওচি সফলতাৰে উৰ্ত্তীৰ্ণ হোৱাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে বিদ্যালয় কৰ্তৃপক্ষও৷যাৰবাবে ধৃতিকংকনা এতিয়া সকলোৰে বাবে হৈ পৰিছে নয়নৰ মণি ৷


এগৰাকী নৃত্য পটিয়সী হোৱাৰ লগতে ভৱিষ্যতে অধ্যয়ন কৰি এটি চৰকাৰী চাকৰি কৰাৰ প্ৰৱল ইচ্ছা থকা ছাত্ৰীগৰাকীৰ এই সফলতাৰ আঁৰত পিতৃ মাতৃৰো আছে অশেষ ত্যাগ আৰু কষ্ট ৷ বিদ্যালয়ত নুবুজা বিষয়টো গৃহলৈ উভতি আহি মাতৃৰ সৈতে সেই বিষয়সমুহ আলোচনা কৰে ধৃতিকংকনাই ৷ সতীৰ্থ ছাত্ৰ ছাত্ৰীসকলেও ধৃতিকংকনাক অধ্যয়নৰ দিশত ম’বাইল ৱাটচএপ নতুবা অন্য প্ৰকাৰেও সহায় কৰা কথাও প্ৰকাশ কৰে ধৃতিকংকনাৰ মাতৃয়ে৷যাৰবাবে অশেষ কষ্টৰ অন্তত কন্যাৰ এই ফলাফলত গৌৰাম্বিত পিতৃ মাতৃও৷ এগৰাকী মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনাৰ এই সাহস আৰু আত্মবিশ্বাসে ভৱিষ্যতৰ দিনসমুহতো আগুৱাই যোৱাত সহায় কৰক৷উল্লেখ্য যে চিত্ৰ অংকণ আৰু নৃত্যত পাৰ্গত এইগৰাকী ছাত্ৰীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫৯ শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈছে ৷

Leave A Reply