Breaking

পুনৰ জিলিকিল ধৃতিৰাজ বাস্তৱ কলিতা…

0 42

মঙলদৈবাসীৰ বাবে অতিকৈ গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত যে সমগ্ৰ অসমতে মেধাৰ বলত নিজৰ পৰিচয় দিবলৈ সক্ষম হোৱা দৰঙৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা ২০১৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু২০২১ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি জিকিলি উঠিবলৈ সক্ষম হৈছিল।


তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰজনে অধ্যয়নৰত হৈ থকা পুনে IISER ত ২০২২-২৩ বৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছে। সমগ্ৰ ভাৰততে নিজৰ মেধাৰ বলত জিলিকি উঠা তথা অসমক জিলিকাই তোলা মৰমৰ ধৃতিৰাজ বাস্তৱ কলিতাক লৈ দৰঙ বাসী উৎফুল্লিত হৈছে।

Leave A Reply