Breaking

ধুবুৰী জিলা বিজেপিৰ তিনিদিনীয়া আৱাসিক প্ৰশিক্ষনৰ সামৰনি

0 2,051

১৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া আৱাসিক  কাৰ্য্যৰে ধুবুৰীৰ জিলা পুথিভৰাল প্ৰংগনত অনুস্ঠিত হোৱা আৱাসিক প্ৰশিক্ষন আজি আনুস্ঠানিক ভাৱে সামৰনি পৰে ৷ ধুবুৰী জিলা বিজেপিৰ শতাধিক সক্ৰিয় সদস্যলৈ আৰম্ভ হোৱা আৱাসিক প্ৰশিক্ষনত জিলা বিজেপিৰ কেউটা মৰ্চাৰ শিবিৰত ভাগ লয় ৷ তদুপৰি ধুবুৰী টাউন মণ্ডল, গৌৰীপূৰ টাউন মণ্ডল আৰু গোলকগঞ্জ টাউন মণ্ডৰ উপৰীয় ৰূপসী  , গোলকগঞ্জ ধৰ্মশালা আৰু আগমনী মণ্ডলৰ সভাপতি সকলেও এই প্ৰশিক্ষন শিবিৰত ভাগ লয় ৷ ৰাজ্য বিজেপিৰ নিৰ্দেশ অনুসৰি মূলতঃ বিজেপিৰ সকলো সদস্যক প্ৰশিক্ষিত কৰি ৰাইজৰ সেৱাৰ মনোবাৱেৰে ৰাজ্যবাসীৰ কাষত থিয় দিয়াৰ বাবে একডজনৰো অধিক  আলোচনা অনুস্ঠিত হয় ৷ উক্ত আলোচনা চক্ৰত জিলা তথা ৰাজ্যৰ বিজেপিৰ সমল ব্যক্তি উপস্হিত থাকে ৷ উক্ত অনুস্ঠানৰ তে অলপতে ভাৰত চৰকাৰে নিযুক্তি দিয়া নিপকোৰ সঞ্চালক বিমল ওছোৱালক ধুবুৰী জিলা বিজেপিৰ তৰফৰ পৰা আনুস্ঠানিক সম্বোৰ্ধনা অনুস্ঠানো অনুস্ঠিত হয় ৷ নিপকোৰ নৱনি়ুক্ত সঞ্চালক বিমল ওছোৱাল  ধুবুৰী জিলাৰ জেস্ঠ্য বিজেপি নেতা তথা ধুবুৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বিমল ওছোৱালক ধুবুৰী জিলা বিজেপিৰ তৰফৰ পৰা আনুস্ঠানিক সম্বোৰ্ধনা অনুস্ঠিত কৰা হয় ৷ উক্ত সম্বোৰ্ধনা অনুস্ঠানত ধুবুৰী জিলা সভাপতি ডাঃ দেৱময় স্যান্যাল, উপ সভাপতি প্ৰসেনজিত দত্ত , জিলা বিজেপিৰ সম্পাদক বিশ্বজিত ৰায়ও উপস্হিত থাকে   ৷প্ৰনৱাশীষ ৰয় ধুবুৰী

Leave A Reply