ধুবুৰী- ফুলবাৰী দলং নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে…

পূৰ্ণ গতিত চলিছে ধুবুৰী ফুলবাৰী দলংৰ নিৰ্মাণৰ কাম। উল্লেখ্য যে, লুইতৰ ওপৰেৰে নামনি অসমৰ ধুবুৰী আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী সংযোগী নিৰ্মীয়মান এই দলংখনৰ নিৰ্মাণৰ কাম ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হব বুলি কয় সাংসদ গৰাকীয়ে।

১৯.২৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ এই নদী দলংখন বৃহত্তৰ অঞ্চলটোৰ আৰ্থ সামাজিক দিশলৈ এক সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ পৰ্যটনৰ ক্ষেত্ৰখনতো নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিত। এই দলংখনে উত্তৰ–পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰাৰ সমান্তৰালকৈ চুবুৰীয়া বাংলাদেশৰ সৈতেও আমদানি–ৰপ্তানিৰ ক্ষেত্ৰতো দলংখনে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো সম্ভাৱনা আছে।
ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ

Related Articles