Breaking

ধুবুৰীৰ বিশেষভাবে সক্ষম ছাত্ৰই পাঁচটা বিষয়ত লেটাৰ নম্বৰ পাই সুখ্যাতিৰে প্ৰথম স্থানত উত্তীৰ্ণ

0 1,124

ধুবুৰী চহৰৰ এগৰাকীবিশেষভাবে সক্ষম ছাত্রই পাঁচটা বিষয়ত লেটাৰ নম্বৰলৈ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হল আসুতোষ ঘোষ। এগৰাকী বিশেষভাবে সক্ষম আৰু দৰিদ্ৰতাই যে হেঙাৰ হব নোৱাৰে তাৰে এক নিৰ্দেশন দাঙি ধৰিলে ধুবুৰীৰ এগৰাকী চাহৰ দোকানীৰ পুত্ৰ আছুতোশ ঘোষ। সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধুবুৰীৰ শাৰীৰিক ভাবে অক্ষম ছাত্ৰই পাচটা কৈ লেটাৰ নম্বৰ পাই সুখ্যাতিৰে প্ৰথম স্থানত উত্তীৰ্ণ কৰিলে মেট্ৰিক পৰীক্ষাত। ছাত্ৰ গৰাকীৰ চকুৰ মণি ফুটা,, ছাত্ৰৰ নাম-আছুতোশ ঘোষ, পিতৃ প্ৰবীৰ ঘোষ,চলায় চাহৰ দোকান,চাহৰ দোকান চলাই পৰিয়ালৰ দায়িত্ব পালন কৰাৰ লগতে পুত্ৰৰ শিক্ষাৰ দিনে ৰাতি কষ্ট কৰি চলাই গৈছে জীৱন সংগ্ৰাম, ধুবুৰীৰ ৱাৰ্ড নং ১২ ছাত্ৰ গৰাকী শংকৰ দেৱ শিশু নিকেতন স্কুলৰ ছাত্ৰ।

তেওঁৰ সৰ্বমুঠ নম্বৰ- ৫৩৪, আৰু ৮৯% পাচটা বিষয়ত লেটাৰ নম্বৰ, উচ্চ গনিত, গনিত, অসমীয়া, ইংৰাজী আৰু বিজ্ঞান। ছাত্র গৰাকীয়ে ধুবুৰী লৈ সুনাম অৰ্জুন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যদিও বৰ্তমানে তেওঁৰ পিতৃ-মাতৃই কান্দোনত ভাঙি পৰিছে। তাৰ কাৰণ লৰাই মন মেলিছে ডক্টৰ হবলৈ কিন্তু দেউতাকৰ আৰ্থিক অনাটনৰ বাবে কেনেকৈ ডক্টৰ পঢ়ুৱাব এইলৈ চিন্তাত হতভম্ব হৈ পৰিছে। সেয়েহে পিতৃ মাতৃয়ে ৰাজ্যৰ মূখ্য মুন্ৰীলৈ কাতৰ আহব্বান জনাই কয় যে মোৰ লৰাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অলপ সহায় সহযোগিতা কৰিলে আমি বৰ উপকৃত হলোহেতঁন।

Leave A Reply