ডিব্ৰুগড়: Dibrugarh ডিব্ৰুগড় মহানগৰত নিশা নামিলেই আৰম্ভ হয় কোটি টকাৰ নিষিদ্ধ জোৱাৰ সাম্ৰাজ্য। লাখ লাখ টকাৰ বিনিময় আৰু তাচ পাতৰ মাজেৰে চলি থাকে এই অবৈধ কাণ্ড। বিশেষকৈ মহানগৰৰ মাজমজীয়াত অৱস্থিত পুৰণি ৰেল ষ্টেছনৰ সন্মূখৰ হৰিজন কল’নিত প্ৰতিদিনে নিশা বহে এই জোৱাৰ খেল।
চকু মেলিবলৈ প্রস্তুত নহয় আৰক্ষী?
অবিশ্বাস্য হলেও সত্য, যিখন ঠাইত কোটি টকাৰ অবৈধ জোৱা খেল চলে, সেই স্থানৰ বিষয়ে অলপ বুজাবুজি থকা যিকোনো যুৱকে সহজে তথ্য দিব পাৰে। কিন্তু ডিব্ৰুগড় আৰক্ষীৰ বাবে এই গোপন ঘাটি যেন সম্পূৰ্ণ অজ্ঞাত!
বিলাসবহুল গাড়ীৰ অহাগমন, খেলৰ মাজত চলি থকা টকাৰ বন্যা—এই সকলো প্ৰতিদিনে চলি থাকে হৰিজন কল’নিৰ ঠিক সন্মূখতে।
অভিযোগ আৰু বিস্ফোৰক তথ্য
অভিযোগ অনুসৰি, একাংশ জোৱাৰীয়ে খেলত অংশগ্ৰহণৰ সময় অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰও লৈ আহে। এই বিষয়ে অল ই এছ ইউ (AASU)-ৰ কিছু যুৱকেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁলোকৰ মতে, সমগ্ৰ মহানগৰতে সকলো যুৱকে জানে ক’ত জোৱা চলে, কেৱল আৰক্ষীয়েহে অজ্ঞ।
ডিব্ৰুগড় আৰক্ষীয়ে আগতে সফলভাৱে এ পি এছ ই কেলেংকাৰি, বিশাল ফুকনৰ অনলাইন ট্ৰেডিং স্কেম, ডাঃ সৰিতা তচনিৱাল হত্যাকাণ্ডৰ দৰে দেশ কঁপোৱা ঘটনাৰ তদন্ত কৰিলে—তথাপিও চকুৰ সন্মুখতে চলি থকা বৃহৎ জোৱাৰ সাম্ৰাজ্যৰ ওপৰত কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।
ডিব্ৰুগড় মহানগৰৰ বুকুতেই গোপনে চলি থকা এই জোৱাৰ সাম্ৰাজ্যৰ প্ৰতি সচেতন নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰাটো এতিয়া সময়ৰ দাবী।