Dibrugarh । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান

২২ জানুৱাৰী,২০২৫ঃ Dibrugarh । প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লব মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। মহানগৰখনৰ ঠায়ে ঠায়ে এতিয়া অৱৈধ ভাবে পদপথ দখল কৰা ব্যৱসায়ী আৰু পথৰ ওপৰতে দীৰ্ঘদিন ধৰি ৰখাই থোৱা বাছ-ট্ৰাক অবৈধ যানবাহন অতৰালে যুটীয়া ভাবে অভিযান চলোৱা পৌৰনিগম আৰু যানবাহন আৰক্ষীয়ে।


উল্লেখ্য যে জাননী জাৰী কৰি অৱগত কৰা পাছতো ব্যৱসায়ী আৰু বাছ ট্ৰাকৰ গৰাকী সকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই পদক্ষেপ ডিব্ৰুগড় পৌৰনিগমৰ। অভিযানত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

Related Articles