প্লাষ্টিক বন্ধ কৰাৰ নামত ডিব্ৰুগড় পৌৰসভাই হাজাৰ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ উত্থাপিত হৈছে।

আজি ডিব্ৰুগড় পৌৰসভাৰ এটা দলে প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ বিৰুদ্ধে চলাইছিল এক বৃহত অভিযান।
অভিযান কালতে দলটোৱে ডিব্ৰুগড়ৰ শাক-পাচলিৰ বজাৰত প্ৰৱেশ কৰাৰ পাছতে উত্তপ্ত হল পৰিৱেশ, আৱদ্ধ কৰি ৰাখিলে পৌৰসভাৰ কৰ্মচাৰীক।

ব্যৱসায়ীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি কোনোধৰনৰ আগ জাননী নিদিয়াকৈ অৰাজকতা চলাইছে পৌৰসভাই।

অন্যহাতে পৌৰসভাৰ পৌৰপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আমাৰ এটা দলে অভিযান চলাইছে, সেই গতিকে যি সকলে আইন হাতত তুলি লৈছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

