Breaking

ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা…

0 1,039

বহু জল্পনা-কল্পনাৰ অন্তত আজি (দেওবাৰে) সন্ধিয়া ঘোষণা কৰে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম।ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি হিচাপে ডাঃ চৈকত পাত্ৰ আৰু উপ-পৌৰপতি হিচাপে উজ্জ্বল ফুকনৰ নাম ঘোষণা কৰে।উল্লেখযোগ্য যে ২২ টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় পৌৰসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিছিল ২১ খন আসন।আনহাতে কংগ্ৰেছে দখল কৰিছিল এখন আসন।একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে পৌৰসভা দখল কৰা পাছতো পৌৰপতি আৰু উপ-পৌৰপতি ঘোষণা কৰাত ঐক্যমতত উপনিত হব পৰা নাছিল।

অৱশেষত ৰাজ্যিক নেতৃত্বই আজি ঘোষণা কৰে।ৰাজ্যিক নেতৃত্বৰ হৈ প্ৰভাৰী গোবিন শইকীয়াই ঘোষণা কৰে বিজেপিৰ জিলা কাৰ্যলয়ত।আনহাতে নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈ আৰু উপ পৌৰপতি নিতু সোনোৱাল বৰগোঁহাই, চাবুৱা পৌৰসভাৰ পৌৰপতি ব্ৰজেন বৰুৱা আৰু উপ-পৌৰপতি লক্ষী সোনোৱাল।নাহৰকটীয়া পৌৰসভাৰ পৌৰপতি পম্পী সাহা আৰু উপ-পৌৰপতি হিচাপে উদয় ৰঞ্জন সোনোৱালৰ নাম ঘোষণা কৰিছে।

Leave A Reply