আজিৰ (Dibrugarh University)ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। নাহৰৰ দেশত পুৱাভাগৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়াৰ। বিশ্ববিদ্যালয়ৰ ১৬ টা পদৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱাৰ ছাত্ৰ সভাৰ এই নিৰ্বাচনত বিশ্ববিদ্যালয়ৰ ৫৫০০শ ছাত্ৰ – ছাত্ৰীয়ে ভোটদান সাব্যস্ত কৰিব।
আজি অনুষ্ঠিত হোৱা এই নিৰ্বাচনত তৰ্ক বিভাগত বিজয় বৰা আৰু ফুটবল বিভাগত ৰিয়া দাস বিনা প্ৰতিদ্বন্দিতাৰে বিজয় সাব্যস্ত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হোৱাৰ বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচন প্ৰক্ৰিয়া বিয়লি দুই বজালৈকে চলিব। ইয়াৰ পিছতেই আবেলি ৩.০০টা পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ভোটদানৰ অন্তত কোনগৰাকী প্ৰাৰ্থীয়ে বিজয় শেষ হাঁহি মাৰিবলৈ সক্ষম হয়, সেইয়াৰ পৰৱৰ্তী সময়ত কব পৰা যাব।

