ঔষধতকৈ ডায়েট অধিক ফলপ্ৰসূ ডায়েবেটিছত! এই কথা প্ৰকাশ পাইছে গৱেষণাত…

ডায়েবেটিছ ৰোগীৰ বাবে এই লেখাটো।ঔষধতকৈ ডায়েবেটিছক ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ ৰোগীৰ বাবে চেনি নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি ৫:২ ডায়েট প্লেন টাইপ ২ ডায়েবেটিছত আক্ৰান্ত লোকৰ বাবে ঔষধতকৈ অধিক উপকাৰী বুলি কোৱা হৈছে। যদি আপুনি ঔষধ অবিহনে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে এই ডায়েট প্লেন চেষ্টা কৰকঃ

৫:২ ডায়েটো মাজে মাজে উপবাস কৰাৰ দৰেই। ইয়াৰ বাবে পাঁচ দিন কোনো ধৰণৰ বিৰতি নোলোৱাকৈ খাদ্য খোৱা আৰু একেৰাহে দুদিন কেলৰি ৫০০-৬০০ কমাব লাগে। এনে খাদ্য পৰিকল্পনা পালন কৰিলে গ্লাইচেমিক নিয়ন্ত্ৰণত সহায় কৰাই নহয় মেদবহুলতা হ্ৰাস কৰাতো সহায় কৰে।

৪০৫ জন প্ৰাপ্তবয়স্কৰ ওপৰত কৰা এই অধ্যয়নত দেখা গৈছে যে ৫:২ খাদ্য পৰিকল্পনা অনুসৰণ কৰিলে মেটফৰ্মিন আৰু এম্পাগ্লিফ্ল’জিনৰ তুলনাত গ্লাইচেমিক নিয়ন্ত্ৰণ (তেজৰ গ্লুক’জৰ মাত্ৰা) উন্নত হয়। যাৰ বাবে ইয়াক টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ঔষধৰ এক উৎকৃষ্ট বিকল্প কৰি তোলা হৈছে।

গৱেষকসকলে ৰিপ’ৰ্ট কৰিছে যে ৫:২ খাদ্য গ্ৰহণ কৰা ডায়েবেটিছ ৰোগীৰ তেজৰ গড় চেনিৰ পৰিমাণ তিনি মাহত যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ কঁকালৰ চৰ্বিও হ্ৰাস পোৱা দেখা গৈছিল।

Related Articles